Connect with us

National

কৰোনাই কাঢ়ি নিলে এই বিখ্যাত পৰিয়ালটোৰ 3 জন সদস্যক , হতবাক হৈ সৰু বোৱাৰীয়েকে কৰিলে আত্মহত্যা

coronavirus family death

কৰোনা সংক্ৰমণৰ দিনক দিনে যেন নিয়ন্ত্ৰণহীন হৈ পৰিছে । যাৰ ফলত মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে । মধ্য প্ৰদেশৰ দেৱাচত এটা সুখী পৰিয়ালক কৰোনা মহামাৰীয়ে গ্ৰাস কৰি পেলায় । মাত্ৰ এসপ্তাহৰ ভিতৰতে দেৱাচৰ আগৰৱাল সমাজৰ সভাপতি বালকিশান গাৰ্গৰ পত্নী আৰু দুই পুত্ৰ কৰোনাত মৃত্যু হয়। ইয়াৰ পাছতেই ঘৰৰ সৰু বোৱাৰীয়েকে দুখ সহ্য কৰিব নোৱাৰি নিজকে ফাঁচী লগাই আত্মহত্যা কৰে।

বালকিশান গাৰ্গৰ উপৰিও, পৰিয়ালটোত ডাঙৰ বোৱাৰী আৰু নাতি-নাতিনী আছে। বাল্কিশান গাৰ্গৰ পত্নী চন্দ্ৰকলা (৭৫) প্ৰথমে কৰোনাত আক্ৰান্ত হৈছিল আৰু ১৪ এপ্ৰিলত মৃত্যু বৰণ কৰিছিল। দুদিনৰ পিছত, পুত্ৰ সঞ্জয় (৫১) আৰু তাৰ পিছত স্বপ্নেশ (৪৮) কৰোনাত মৃত্যু বৰণ কৰে। ঘৰত ইমানবোৰ মৃত্যু দেখি দুখ সহিব নোৱাৰা সকলোকে আচৰিত কৰি সৰু বোৱাৰী ৰেখাই (৪৫) বুধবাৰে ফাঁচী লগাই আত্মহত্যা কৰে। এইদৰে এসপ্তাহৰ ভিতৰতেই গোটেই পৰিয়ালটো নাইকিয়া হৈ পৰিল ।

Rekha

খবৰ অনুসৰি বালকিশান গাৰ্গ পৰিয়ালৰ গেলামালৰ পাইকাৰী ব্যৱসায় আছে। ঘৰৰ সৰু বোৱাৰী আছিল ইন্দোৰৰ এজন প্ৰখ্যাত অৰ্থোপেডিকিয়ান ড০ ৰাজেশ আগৰৱালাৰ সৰু ভনীয়েক। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত এক হাহাকাৰ সৃষ্টি কৰিছে।

মধ্য প্ৰদেশৰ কৰোনাই তীব্ৰ ৰৃপ ধাৰণ কৰিছে । মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছে। চিকিৎসালয়ত কোনো বিচনা নাই, অক্সিজেনৰ অভাৱ আছে, চৰকাৰে মানুহক বাৰে বাৰে ঘৰৰ পৰা অনাহকত বাহিৰত নোলাবলৈ আহ্বান জনাইছে।

I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.

Trending

%d bloggers like this: