National
লকডাউন ঘোষণাত মদ কিনিবলৈ অহা মহিলাৰ যুক্তি – প্ৰতিদিন এক পেগ খালে বেমাৰ দূৰত থাকিব ।
‘আমি ঔষধৰ দ্বাৰা নহয়, এক পেগৰ দ্বাৰাহে ৰক্ষা পাম ‘, সুৰা কিনিবলৈ দিল্লীলৈ অহা মহিলাগৰাকীৰ অদ্ভুত দাবী শেহতীয়াকৈ কৰোণা মহামাৰীৰ দ্বিতীয়টো ধৌৱে সমগ্ৰ ভাৰততে সংহাৰী ৰৃপ ধাৰণ কৰিছে । তেনেস্থলত কেইবাখনো ৰাজ্য়ই লকডাউন ঘোষণা কৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ২৬ এপ্ৰিলৰ পুৱা ৫ বজালৈ দিল্লীত লকডাউন ঘোষণা কৰিছে।
এই লকডাউনৰ সময়ত অপ্ৰয়োজনীয় সেৱাসমূহ স্থগিত থাকিব বুলি জনোৱা হৈছে। তেনেস্থলত দিল্লী চৰকাৰে সুৰাৰ দোকানও লকডাউনৰ সময়ছোৱাত বন্ধ ঘোষণা কৰিছে । সুৰাৰ দোকান বন্ধ কৰা হব বুলি গম পোৱাৰ লগে লগে, বহু সংখ্যক লোকে সুৰা ক্ৰয় কৰিবলৈ দোকানসমূহত ভিৰ কৰা দেখা গৈছিল। তেনেসময়তে এগৰাকী মহিলাও সুৰা কিনিবলৈ পূব দিল্লীৰ গীতা কলনিৰ এখন দোকানত উপস্থিত হৈছিল। তেওঁ কৈছিল ‘বেজী ললে আমাৰ একো লাভ নহ’ব, বৰঞ্চ সুৰাইহে আমাৰ উপকাৰ কৰিব… মোৰ বেমাৰ ঔষধৰ দ্বাৰা ভাল নহয়, বৰঞ্চ পেগৰ পৰাহে হয়।
#WATCH Delhi: A woman, who has come to purchase liquor, at a shop in Shivpuri Geeta Colony, says, “…Injection fayda nahi karega, ye alcohol fayda karegi…Mujhe dawaion se asar nahi hoga, peg se asar hoga…” pic.twitter.com/iat5N9vdFZ
— ANI (@ANI) April 19, 2021
দিল্লীৰ সুৰাৰ দোকানবোৰত এক বিশাল ভিৰ দেখা গৈছিল। মানুহক বৃহৎ পৰিমাণৰ ষ্টক ক্ৰয় কৰা দেখা গৈছিল। যোৱা বছৰ লকডাউনৰ সময়তো বহু সংখ্যক লোক সুৰা ক্ৰয় কৰিবলৈ আহিছিল।
I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.