কৰোনা মহামাৰীয়ে গা কৰি উঠা সময়তে আৰক্ষীসকলে কিমান সমৰ্পিত হৈ তেওঁলোকৰ দায়িত্ব পালন কৰি আছে তাৰ এক উত্তম উদাহৰণ দাঙি ধৰে ছত্তীশগড়ৰ ডিএছপি শিল্পা চাহুৱে ।
শিল্পা চাহু মাওবাদী প্ৰভাৱিত এলেকা বস্তাৰ জিলাৰ দান্তেৱাড়াত ডিএছপি হিচাপে নিযুক্তি লাভ কৰিছে। গৰ্ভধাৰণৰ অৱস্থাতো তেওঁক প্ৰখৰ ৰ’দত জনতাক লকডাউনৰ নিয়ম পালন কৰিবলৈ কোৱাৰ লগতে কোভিড সুৰক্ষা প্ৰটোকলৰ গুৰুত্ব ব্যাখ্যা কৰা দেখা গৈছে। শিল্পাই যেতিয়া তেওঁৰ টিমৰ সৈতে বাহনসমূহত থকা মানুৰ সংখ্যা পৰীক্ষা কৰি আছিল, তাৰেই এটি ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। যদিও শিল্পা চাহুৰ এই কৰ্মই তেওঁৰ কৰ্মস্পৃহা আৰু সাহস দেখুৱায়, ইয়াৰ লগতে আৰক্ষী সকল আন কভিড যুদ্ধাতকৈ যে কোনো গুনে কম নহয় , তাৰ প্ৰমাণ দাঙি ধৰে ।
শিল্পা চাহুৱে আহ্বান জনায় যে এনে অৱস্থাত যেতিয়া আৰক্ষীয়ে জনতাক সুৰক্ষা দিবলৈ ৰাজপথত আছে, গতিকে জনতাই নিজে সুৰক্ষিত হৈ থকাৰ বাবে ঘৰতে থকাতো উচিত । শিল্পাৰ মতে, “জিলাখনত লকডাউন অনুসৰণ কৰাৰ লগতে জনতাই অতি প্ৰয়োজনতহে ঘৰৰ পৰা বাহিৰ অহা উচিত। আৰু যিসকল লোক কোনো বিশেষ কাৰণ নোহোৱাকৈ ৰাস্তাত ওলাই আহে তেওঁলোকে নিজলৈ বিপদ মাতি অনাৰ লগতে লগতে আনসকলক বিশেষকৈ তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলকো বিপদৰ মুখলৈ ঠেলি দিয়ে।” নিজৰ গৰ্ভাৱস্থাতো দায়িত্ব পালন কৰি এক নিদৰ্শন দাঙি ধৰিলে শিল্পাই ।