Assam
অসমৰ মাৰিয়া বেগমে ভাৰতীয় বায়ুসেনাৰ ফ্লায়িং অফিচাৰ হিচাপে কঢ়িয়াই আনিলে গৌৰৱ ।
ভাৰতীয় বায়ু সেনা বা আইএএফ হৈছে দেশৰ অন্যতম বৃহৎ আৰু গৌৰৱান্বিত প্ৰতিষ্ঠান, য’ত প্ৰৱেশ কৰা লাখ লাখ লোকৰ সপোন মাথো । এতিয়া, এইখন অসমৰে এজনী জীয়াৰী মাৰিয়া বেগমে ভাৰতীয় বায়ু সেনাৰ (আইএএফ) এগৰাকী ফ্লায়িং অফিচাৰ হিচাপে স্থান লাভ কৰিছে যিটো কেৱল অসমৰ এগৰাকী মুচলিম মহিলা হিচাপেই নহয়, সমগ্ৰ অসমৰ বাবেও এক বিৰল সাফল্য ।
মাৰিয়া বেগমৰ জন্ম অসমৰ কাছাৰ জিলাৰ শিবপুৰ অঞ্চলত। পাঁচজন ভাই-ভনীৰ ভিতৰত আটইতকৈ জেষ্ঠ মাৰিয়াৰ দেউতাক এজন প্ৰাক্তন সেনা জোৱান আছিল, যিয়ে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই মাৰিয়াৰ মাজত অনুশাসন আৰু অধ্যৱসায় সৃষ্টি কৰিছিল। মাৰিয়াই শিলচৰৰ গুৰু চৰণ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত বি এছ চি আৰু 2019 চনত শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ এম এছ চি সুখ্যাতিৰে পাছ কৰিছিল।
ফ্লয়িং অফিচাৰ হিচাপে যোগ্যতা অৰ্জন কৰিবলৈ মাৰিয়াই প্ৰথমে AFCAT (এয়াৰ ফৰ্চ কমন এডমিচন টেষ্ট)উত্তীৰ্ণ হ’ব লগা হৈছিল, তাৰ পিছত তেওঁ SSB (সেৱা বাছনি বোৰ্ড) সাক্ষাৎকাৰৰ বাবে মাতি অনা হৈছিল।
SSB সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱাৰ পিছত, মাৰিয়াক দিল্লীত চিকিৎসা পৰীক্ষাৰ বাবে মাতি অনা হৈছিল । ইয়াৰ পিছত মাৰিয়া চিকিৎসা পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ন হ’ল আৰু মেৰিট লিষ্টত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হল হল।
“এয়া এক গৌৰৱৰ মুহূৰ্ত। মই সুখী আৰু উৎফুল্লিত ।” এইদৰে ফ্লয়িং অফিচাৰ হিচাপে স্থান লাভৰ পাছত মাৰিয়াই তাইৰ প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।
মাৰিয়া এটা সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ছোৱালী আছিল আৰু ইয়াৰ বাবে তাই যথেষ্ঠ সংগ্ৰামো কৰিব লগা হৈছিল। কিন্তু তাইৰ সদায়ে “কেতিয়াও হাৰ নমনা” মানসিকতাৰ বাবে তাই আজি সাফল্যৰ শিখৰত উপনীত হবলৈ সক্ষম হৈছে। তাই তাইৰ প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা ইমানুৱেল ইংৰাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা গ্ৰহণ কৰি পিছত জৱাহৰ নবোদয় বিদ্যালয় পাইলাপুললৈ স্থানান্তৰিত হয়।
I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.