Connect with us

Politics

বিজেপিয়ে দিলে মনৰেগা শ্ৰমিকক টিকট, স্বামী হৈছে ৰাজমিস্ত্রি | MNREGA worker gets BJP Ticket

Chanda Bouri

পশ্চিম বংগ নিৰ্বাচন য’ত মমতা বেনাৰ্জীৰ দলক বিজেপিয়ে পোনপটীয়াকৈ প্ৰত্যাহ্বান দিয়া দেখা গৈছে,তেনেস্থলত বিজেপিৰ টিকট প্ৰদান কৰা সিদ্ধান্তৰ বাবে জনসাধাৰণৰ মাজত আলোচনাৰ বিষয় বিষয় হয় পৰিছে । ২৭ মাৰ্চৰ পৰা হবলগীয়া পশ্চিম বংগ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যৰ বাঙ্কুৰা বিধানসভা সমষ্টিৰ বাবে এগৰাকী মনৰেগা শ্ৰমিকক টিকট দি সকলোকে আচৰিত কৰি তুলিছে।

Chandana Bauri bjp candidate photo
Chandana Bouri

প্ৰাৰ্থীগৰাকী হৈছে চন্দনা বৌৰি । ৩০ বছৰীয়া চন্দনা বৌৰিৰ স্বামী এজন দৈনিক হাজিৰা কৰা ৰাজমিস্ত্ৰী আৰু তেওঁ নিজেই মনৰেগাৰ অধীনত কাম কৰে।চন্দনা বৌৰিয়ে শেহতীয়াকৈ তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন পত্ৰত চন্দনাই তেওঁৰ সম্পত্তিত তিনিটা ছাগলী, তিনিটা গৰু, এটা অতি সাধাৰণ ঘৰ, বেংকত জমা আৰু নগদ মিলাই ৩১,৯৮৫ টকা ঘোষণা কৰিছে।

2021 03 21 19 53 00 West Bengal Elections BJP candidate for Bankura Chandana Bauri daily wage work

চন্দনাৰ ঘৰত নাই কোনো শৌচাগাৰৰ সুবিধা নাই । শৌচ কৰিবৰ বাবে তেঁওলোক পথাৰলৈ যাবলগীয়া হয় । লগতে, তেওঁলোকৰ ঘৰত খোৱা পানীৰ বাবে কোনো টেপ প্ৰণালী নাই, যাৰ বাবে তেওঁলোকে বহু দূৰ গৈ পানী আনিব লাগিয়া হয়। চন্দনাৰ স্বামী চৰবন এগৰাকী ৰাজমিস্ত্রি যিয়ে প্ৰতি দিনে ৪০০ টকা হাজিৰা হিচাপে উপাৰ্জন কৰি ঘৰ সংসাৰ চলাবলগীয়া হয়। বাৰিষাৰ বতৰত যেতিয়া শ্ৰমিক পোৱা কঠিন হয় পৰে তেনে পৰিস্থিতিত চন্দনাও স্বামীৰ সৈতে কাম কৰিবলগীয়াত পতে । স্বামী-স্ত্ৰী দুয়োজন মনৰেগা কাৰ্ড ধাৰক আৰু তেঁওলোকৰ তিনিটা সন্তান আছে।

পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টিয়ে এনে এগৰাকী মনৰেগা শ্ৰমিকক টিকট দি সকলোকে আচৰিত কৰি তুলিছে।

 

I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.

Trending

close

Copyright © Assam News Live

%d bloggers like this: