Connect with us

National

চুৰি কৰিবলৈ গৈ টকা দেখি আনন্দত হাৰ্টফেইল হল চোৰৰ ।

Thief heart attack

আপুনি এনে ঘটনা হয়তো কেতিয়াও শুনা নাছিল যে প্ৰথমবাৰৰ বাবে চুৰ কৰিবলৈ গৈ আশাতকৈ অধিক টকা দেখি হাৰ্ট ফেইল কৰিবলগীয়া হল চোৰে । হয় এই আচৰিত ঘটনাটো ঘটিল উত্তৰ প্ৰদেশৰ বিজনৰ জিলাত । দুজন চোৰে হাজাৰ টকাৰ আশাত চুৰি কৰিছিল যদিও তাত লাখ টকাৰ সন্ধান পায় । যেতিয়া নতুনকৈ অহা চোৰটোৱে ইমানখোপা টকা একেলগে দেখা পায় তাৰ চকু কপালত উঠে আৰু হাৰ্ট এটেক হৈ যায় ।

আৰক্ষী সূত্ৰ অনুসৰি, চুৰ কৰি দুই চুৰ নওছাদ আৰু এজাজে নগদ টকাৰ বেগ লৈ নওছাদৰ ঘৰত উপস্থিত হৈছিল। তাত মোটা পৰিমাণৰ ধন দেখি এজাজৰ হাৰ্ট এটেক হয় । নৌশদে তৎক্ষণাৎ গাড়ী ভাৰা কৰি নাগিনাৰ এখন চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ত তিনি দিনৰ চিকিৎসা কৰি ব্যয় কৰা হয় প্ৰায় দুই লাখ টকা।

আৰক্ষীৰ অনুসৰি অভিযুক্ত এজাজৰ মতে সি ৪০ৰ পৰা ৫০ হাজাৰ টকা পাব বুলি আশা কৰিছিল। লাখ লাখ টকা দেখি তাৰ ৰক্তচাপ বৃদ্ধি পাইছিল আৰু হাৰ্ট এটেকৰ সন্মূখীন হয় । ইতিমধ্য়ে আৰক্ষীয়ে দুয়োজন অভিযুক্তক আদালতত হাজিৰ কৰাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.

Trending

close

Copyright © Assam News Live

%d bloggers like this: