Connect with us

National

বলিউড চিলেব্ৰেটি মলাইকা আৰোড়াই এইদৰে লগালে ভেকচিন, টুইটাৰত লাগি গল হুলস্থূল

Malaika Arora

বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে মলাইকা আৰোড়া । লকডাউনৰ সময়তে কৰোনা আক্ৰান্ত হোৱা মালাইকা আৰোড়াই আজি কোভিড ভেকছিনটোৰ দ্বিতীয়টো পালি গ্ৰহণ কৰে ।

মালাইকাক মঙলবাৰে টিকাকৰণ কেন্দ্ৰৰ পৰা ওলাই অহা দেখা গৈছিল। ইতিমধ্যে মালাইকাক টিকা লগোৱা ফটো আৰু ভিডিঅ ভাইৰেল হৈ পৰিছে । ফটো ভাইৰেল হোৱাৰ পাছতেই মালাইকা অৰোৰাকো ট্ৰ’ল কৰা আৰম্ভ হৈছে । ভেকচিন লোৱাৰ সময়ত পিন্ধা কাপোৰক লৈ বহুতেই প্ৰশ্ন কৰিছে।। দৰাচলতে, মালাইকাই ভেকছিনটো গ্ৰহণ কৰিবলৈ স্প্ৰ্ট ব্ৰা আৰু ট্ৰেক পেণ্ট পিন্ধি আহিছিল।

 

 

View this post on Instagram

 

A post shared by Viral Bhayani (@viralbhayani)

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে এইদৰে মন্তব্য কৰে, ” ভেকচিন লবলৈ গৈছিল নে জিম কৰিবলৈ গৈছিল ? ” । আন এজনে কয়, “অন্ততঃ যেতিয়া মানুহে ৰাজহুৱা স্থানলৈ যায়, তেতিয়া অলপ ভালকৈ কাপোৰ পিন্ধিব লাগে। আন এজন ব্যক্তিয়ে লিখে, “এনে লাগিছে যেন ভেকচিন চেণ্টাৰৰ ভিতৰত ফটোশ্বুট চলি আছিল।”

ইফালে মালাইকাই নিজৰ ভেকচিন গ্ৰহণ কৰা ফটোবোৰ শ্বেয়াৰ কৰি লিখে “আমি সকলোৱে এনে কঠিন সময়ত একলগে আছো। মই এতিয়া সুৰক্ষিত থাকিম, মোৰ বাবে আৰু আপোনালোক সকলোৰে বাবে। মোক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। মোৰ ওচৰত প্ৰতিজন ফ্ৰণ্টলাইন কৰ্মীক ধন্যবাদ জনোৱাৰ বাবে শব্দ নাই, তেওঁলোকে  আমাক সকলোকে সুৰক্ষিত ৰাখিবলৈ ব্যস্ত হৈ আছে।”

 

View this post on Instagram

 

A post shared by Malaika Arora (@malaikaaroraofficial)

I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.

Trending

close

Copyright © Assam News Live

%d bloggers like this: