Connect with us

National

নিজ সন্তানক কোচত লৈ ট্ৰেফিক ডিউটি পালন কৰিলে মহিলা কনিষ্টবলে । ভাইৰেল হল ভিদিঅ । বিভাগীয় অনুসন্ধানৰ ঘোষণা । Lady Traffic Constable with her child on duty

traffe 0

Lady traffic constable with her child on duty

এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল কৰা হৈছে। ভিডিঅ’ টোত দেখা গৈছে যে এগৰাকী মহিলা ট্ৰেফিক কনিষ্টবলে নিজ সন্তানক কোচত উঠাই চণ্ডিগড়ৰ এটা ব্যস্ত ট্ৰেফিক পইন্ট ত তাইৰ দায়িত্ব পালন কৰি আছিল। যিজন মানুহেই কৰ্তব্যৰত থকা  কনিষ্টবলগৰাকীক ইমান সৰু শিশুৰ সৈতে দেখিছিল তেৱেঁই মহিলাগৰাকীক অতি প্ৰশংসা কৰিছিল।  চছিয়েল মিডিয়াত মহিলা গৰাকীৰ বহুত প্ৰশংসা কৰা হৈছে যদিও এতিয়া এই ক্ষেত্ৰত এটা নতুন মোৰ আহিছে। প্ৰিয়ংকা নামৰ কনিষ্টবল গৰাকীৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা তদন্ত আৰম্ভ কৰা হৈছে ।

কনিষ্টবল প্ৰিয়ংকাই হয়তো ভবাই নাছিল যে এই ভাইৰেল ভিডিঅ’টোৱে তেওঁৰ বাবে ইমান সমস্যাৰ সৃষ্টি কৰিব যে তেওঁ বিভাগীয় পদক্ষেপৰ সন্মুখীন হ’ব। বিভাগৰ সূত্ৰৰ দ্বাৰা গম পোৱা গৈছে  যে প্ৰিয়ংকাই ডিউটিত পুৱা ৮ বজাত আহিব লাগে যদিও তেওঁ ৰাতিপুৱা ১১ বজাত তিনি ঘণ্টা পলমকৈ উপস্থিত হৈছিল, তাকো বিভাগীয় বিষয়াই মাতি পঠিওৱাত হে ।

tra
Lady Traffic Constable with her baby

বিভাগৰ সূত্ৰই জনোৱা মতে প্ৰিয়ংকাই শুক্ৰবাৰে শিশুটোৰ সৈতে প্ৰথমে কাৰ্যালয়ত উপস্থিত হৈছিল আৰু তাত থকা বিষয়াজনে প্ৰিয়ংকাই যদি ছুটি ল’ব বিচাৰে তেন্তে তেওঁ ছুটি ল’ব পাৰে বুলি কৈছিল। কিন্তু ইয়াৰ পাছতো প্ৰিয়ংকাই শিশুটোক কোলাত লৈ ৰাষ্টাৰ আলিলৈ লৈ গৈ কৰ্তব্য আৰম্ভ কৰিছিল।

সূত্ৰ অনুসৰি, মহিলা কনিষ্টবল গৰাকীয়ে কৰ্তৃপক্ষক জনোৱা মতে তেখেতৰ সন্তান অতি সৰু আৰু মাকৰ অবিহনে থাকিব নোৱাৰে। মাকক নেদেখিলে জোৰেৰে কান্দিবলৈ আৰম্ভ কৰে । তথাপিও আৰক্ষী বিভাগৰ সূত্ৰই প্ৰিয়ংকাৰ বিৰুদ্ধে বিভাগীয় তদন্ত নিশ্চিত কৰা বুলি জানিব পৰা গৈছে।

I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.

Trending

close

Copyright © Assam News Live

%d bloggers like this: