Connect with us

International

বিমানত যুৱকজনৰ ভৰিত পৰিছিল চাহ, এতিয়া ক্ষতিপূৰণ হিচাপে পালে 58 লাখ টকা

Tea Split on Legs

চাৰি বছৰ আগতে আয়াৰলেণ্ডৰ এজন কিশোৰ যুৱকৰ এখন বিমানত এনেকুৱা এটা ঘটনা ঘটিছিল যাৰ পিছত যুৱকৰ মাতৃয়ে এয়াৰলাইনৰ বিৰুদ্ধে গোচৰ এটা ৰুজু কৰিছিল। এতিয়া এই ঘটনাৰ বাবেই এয়াৰলাইন প্ৰতিষ্ঠানে এক বৃহৎ পৰিমাণৰ ধন ভৰিবলগীয়া হয় ।

আয়াৰলেণ্ডৰ নিবাসী এমৰে কাৰাকিয়াৰ এই ঘটনাটো ডাবলিনৰ পৰা ইস্তাম্বুললৈ যোৱা বিমানত সংঘটিত হৈছিল। এমৰেয়ে দাবী মতে কেবিন ক্ৰুৰ এজন সদস্যই তেওঁৰ সোঁ ভৰিত উতলা চাহ পেলাইছিল যাৰ পিছত তেওঁৰ ভৰিত দাগ হৈ পৰিছিল । ঘটনাটোৰ সময়ত এমৰে দীৰ্ঘদিন ধৰি আতংকিত আৰু বহু দিনলৈ চাহ পৰা স্থানত বিষ অনুভৱ হৈ আছিল । সেই ঘটনাটোৰ সময়ত এমৰেৰ বয়স আছিল মাত্ৰ ১৩ বছৰ। যেতিয়া লৰা মাতৃয়ে এই বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁ টাৰ্কিছ এয়াৰলাইনছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

এমৰেৰ মাতৃয়ে দাবী কৰা মতে তেওঁৰ পুত্ৰই ঘটনাতোৰ পাছত বহুতো গুৰুতৰ মানসিক আৰু শাৰীৰিক সমস্যাৰ সন্মুখীন হৈছিল। তেওঁ আদালতক কৈছিল যে গৰম চাহ পৰাৰ ফলত এমৰেৰ ভৰি বেয়াকৈ জ্বলি গৈছিল আৰু তেওঁৰ পুত্ৰৰ এই আঘাত আৰোগ্য হ’বলৈ তিনিৰ পৰা চাৰি সপ্তাহ সময় লাগিছিল। কিন্তু তেওঁৰ ভৰিৰ দাগ তেতিয়াও দেখা গৈ আছিল ।

এমৰেৰ মাতৃয়ে আদালতক জনোৱা অনুসৰি পুত্ৰৰ অৱস্থা ইমানেই গুৰুতৰ আছিল যে তেখেতৰ পুত্ৰক প্লাষ্টিক আৰু পুনৰ্গঠনকাৰী শল্য চিকিৎসকৰ ওচৰলৈ লৈ যাব লগা হৈছিল। চিকিৎসকে তেওঁক কৈছিল যে এমৰেৰ ভৰিত স্থায়ী দাগ হোৱাৰ আশংকা আছে। এই গোচৰটোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে এমৰেৰ আঘাতৰ বাবে তুৰ্কী এয়াৰলাইনছক ৫৬,০০০ পাউণ্ড বা প্ৰায় ৫৮ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।

I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.

Trending

close

Copyright © Assam News Live

%d bloggers like this: