[Download] Best 15 Father quotes in Assamese with Images – দেউতাৰ ওপৰত উক্তি
We have collected Father Quotes in Assamese or Assamese Quotes on দেউতা with some of best Assamese Quotes on fatherwith Images and video to download so that you can share to express your feelings and emotions on father. In this post, you will also get some emotional Father-Son and Father-Daughter Quotes in Assamese to share father’s day quotes in assamese on your whatsapp and Facebook.
Father Quotes in Assamese
(1)
এটা যেন গতানুগতিক প্ৰশ্ন
সকলোৱে সুধে
তোমাৰ দেউতা কি কৰে ?
কি কম কলেযানো বিশ্বাস হব
আপোনাৰ হলেও জানি থওক
দেউতা মোৰ দেউতাই
খৰাঙ পথাৰ দৰাত
কপালৰ ঘাম পেলাই
সেউজীয়া কৰে!
ৰদ বৰষুণ নেওচি যেতিয়া মই
অফিচৰ মুখে মুখে গৈ
বিমূখ হৈ ঘৰলৈ বিষন্ন মনে উভতি আহো
হতাশাত পৰা মনতোক
আকৌ সৱল কৰে ।
(Credit – Niranjan S Bora)
(2)
“দেউতা”
.********
মোৰ আটাইতকৈ ভাল লগা শব্দ
য’ত ভক্তি শ্ৰদ্ধা আৰু মৰমৰ এক
মধুৰ সমন্ধ সেই জনেই মোৰ দেউতা
যাৰ হাতত ধৰি এদিন সুন্দৰ পৃথিৱীখন
বুজি পাইছিলোঁ তেঁওয়েই মোৰ দেউতা
(Credit – Arup Sarma)
(3)
সেই জনেই মোৰ মৰমৰ দেউতা
যিজনে নিজে পুৰণা কাপোৰ পিন্ধি
সন্তানক নতুন কাপোৰ দি মুখত
এটা সুখৰ হাঁহি মাৰিছিল
(Credit – Arup Sarma)
(4)
দেউতা, তোমাৰ কথাখিনি
মনত পৰিছে বৰকৈ আজি
কঁপি কঁপি উজাগৰে থাকি
বহু কষ্ট কৰি
পুনাকণৰ কথা ভাবি
নিজৰ সুখ শান্তি ত্যাগ কৰি,
ভাল মানুহ বনাব লাগে বুলি
কষ্ট নোপোৱাকৈ ৰাখি
আনিছিলা ধন উপাৰ্জন কৰি।
(Credit – Sankar Dev)
(5)
যাৰ আঙুলিত ধৰি সোণোৱালী
ভবিষ্যতলৈ খোজ দিছিলো
যাৰ বুকুৰ মাজত
ভয়বোৰকো হৰুৱাইছিলো
সেয়াই
দেউতা…..।
(Credit – Ansumita Pukan)
(6)
সন্তানৰ জীৱন যদি
হয় দেউতা-হাৰা ,
সকলোৱে হব বিচলিত
হব পথভ্ৰষ্ট দিশহাৰা
(Credit – Dr Prabhakar)
(7)
সকলোকে পাহৰি যাবা
কিন্তু মা-দেউতাক
কেতিয়াও পাহৰি নাযাবা
অমৃত খোৱালে তোমাক
বিষ তুমি কেতিয়াও নিদিবা ।
(Credit – Joy Prakash Deka)
(8)
দেউতাৰ দৰে মই ধনী হ’ব নিশিকিলো
মনেৰে বা সেউজীয়া পথাৰখনেৰে,
কংক্ৰিটৰ অৰণ্যত মই অৰ্থৰ পিছত দৌৰি
সপোনবোৰ হেৰুৱালো।
(Credit – Jodumoni Bora)
(9)
দেউতাৰ সপোনত বিলাসী গাড়ী অথবা
অজস্ৰ সম্পত্তিৰ ঠাই নাই,
দেউতাৰ সপোনত আছে শাওনৰ সেউজীয়া আৰু
আঘোনৰ সোন বৰণীয়া পথাৰ।
(Credit – Jodumoni Bora)
(10)
স্নিগ্ধ জোনাকীক সাক্ষী কৰি
গভীৰ ৰাতিক দিন কৰি
আমাৰ বাবে কাম কৰা
সেইজন কোন বাৰু ?
হয় দেউতা…..!!
(Credit – Arup Das)
(11)
দেউতা অ’ দেউতা
কিয় গ’লা গুছি হঠাতে
একো নজোনোৱাকৈয়ে।
অ’ দেউতা কিয় কৰিলা মোক অকলশৰীয়া !
(Credit – Ram Prasad Rabha)
(12)
দেউতা বুলি ক’লেই
মোৰ মনৰ পথাৰখন
সেউজীয়া হৈ পৰে
দেউতা বুলি ক’লেই
মোৰ ওপজা ঠাইৰ
কেঁচা মাটিৰ গোন্ধই
দেহ-মনত সুবাস ছটিয়াই দিয়ে
(Credit – Bulumoni Das)
(13)
যেতিয়া মই আৰামত শুই থাকো,
যি জনে আহি মনে মনে
মুৰত মৰমেৰে হাত ফুৰাই দিয়ে,
তেৱেই দেউতা
(Credit – Debakanta Bania)
(14)
নিজেই প্ৰখৰ ৰ’দত থাকি
মোক বাতানুকুল কোঠাত থয়
তেৱেই দেউতা –
(Credit – Debakanta Bania)
(15)
মৰমতো দেখাই সকলোৱে কৰে ,
নেদেখোৱাকৈ যি জনে
অত্যাধিক মৰম কৰে ,
তেৱেই দেউতা –
(Credit – Debakanta Bania)
Emotional Assamese Quotes for Father Images
Here are some beautiful and heart-touching Parents’ quotes in assamese and Assamese Quotes for Father to share with your loved ones. You can download and share your emotions on fb and whatsapp.
I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.