Connect with us

Assamese

কোৰআনৰ পৰা ২৬ টা শ্লোক আতৰ কৰিবলৈ আবেদন কৰা ৱাসীম ৰিজৱিৰ মুখঠেকেচা । ৫০ হাজাৰৰ জৰিমনা ।

SC dismissed plea of wasim rizvi

কোৰআনৰ ২৬ টা শ্লোক আতৰ কৰিবলৈ আবেদন কৰা ৱাসীম ৰিজৱিৰ মুখঠেকেচা SC dismissed plea of wasim rizvi

কিছুদিন আগতে উত্তৰ প্ৰদেশৰ চৈয়দ ৱাসীম ৰিজৱিয়ে কোৰআনৰ পৰা ২৬ টা শ্লোক আঁতৰাবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । আজি এই আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰাৰ লগতে আদালতৰ মূল্য়বান সময় নষ্ট কৰাৰ বাবে আবেদনকাৰীক ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ নিৰ্দেশ জাৰি কৰিছে।

মনকৰিবলগীয়া এই যে কোৰানৰ পৰা ২৬ টা শ্লোক বা আয়াত আঁতৰাবলৈ দাখিল কৰা আবেদনত চৈয়দ ৱাসীম ৰিজৱিয়ে উল্লেখ কৰিছিল যে এই ২৬ টা আয়াত কোৰানৰ অংশ নহয়। আবেদনত চৈয়দ ৱাসীম ৰিজৱিয়ে উল্লেখ কৰিছিল যে কিছু আয়াতে দেশৰ আইন উলংঘন কৰে আৰু কিছু আয়াতে অমুছমানক আক্ৰমণ কৰাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে। লগতে এই আয়াতসমূহক অসাংবিধানিক হিচাপে আখ্যা দিবলৈ দাবী উত্থাপন কৰি ৰিজৱিয়ে আবেদন জনাইছিল । কোৰআনৰ 26 টা আয়াতে সন্ত্ৰাসবাদৰ প্ৰচাৰ কৰে বুলিও অভিযোগ আনিছিল । ইফালে ৰিজভিৰ এই পদক্ষেপক সমগ্ৰ দেশতে তীব্ৰ গৰিহণা দিয়া হৈছিল। লক্ষ্ণৌকে ধৰি কেইবাটাও ঠাইত প্ৰতিবাদ অনুষ্ঠিত হৈছিল। অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ড, দাৰুল উলুম দেওবন্দ আৰু চিয়া পাৰ্চনেল ল’ ব’ৰ্ডকে ধৰি কেইবাটাও সংগঠনে ৰিজৱীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ৰিজভিৰ পৰিয়ালেও সম্পৰ্ক এৰিলে

কোৰাণ শ্বৰীফৰ ফালে আঙুলি তুলি আবেদন দাখিল কৰাৰ পিছতেই ৱাছিম ৰিজৱীৰ পৰিয়ালে তেওঁৰ সৈতে কোনো সম্পৰ্ক নাই বুলি ঘোষণা কৰে । ৰিজৱীৰ সৰু ভায়েক জাহিৰ ৰিজৱীয়ে এটা ভিডিঅ’ত কয়, “ৱাছিম ৰিজৱীৰ সৈতে মোৰ মা বা ভাই বা ভগ্নীৰ কোনো সম্পৰ্ক নাই। কোনেও তেওঁলোকৰ সৈতে সম্পৰ্ক ৰাখিব নিবিচাৰে। তেওঁ পাগল হৈ গৈছে। তেওঁলোকৰ বাবে দ্বীন আৰু ইছলামৰ কোনো অৰ্থ নাই, সেয়েহে তেওঁলোকে এনে কথা কয়। তেওঁ কাৰোবাৰ নিৰ্দেশত এই সকলোবোৰ কথা কৈ আছে। এইবোৰত মই সোমাব নিবিচাৰো। ”

I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.

Click to comment

Leave a Reply

Trending

close

Copyright © Assam News Live

%d bloggers like this: