Connect with us

Assam

Omg! The Best Assamese Romantic Story Ever! Read This

Assamese Romantic Love Story

Assamese Romantic Love Story | Assamese Romantic Story

If you are searching for Assamese Romantic Love Story, we will help you out. You must have read JEC love story which created a storm in internet history of Assam. We have also collected a most potential Assamese Romantic Story which is given below. You can enjoy this Assamese Romantic Story in Partwise to save your time.

ডিব্ৰুগড় পলিটেকনিক

PART 1 – অটৰিক্সা খনৰ পৰা নামি প্ৰথম খোজ দিলোঁ dibrugarh polytechnic campus লৈ । মনত বহুত ভয় শংকা লৈ আগ বাঢ়িলো । সন্মুখলৈ চাই দেখিলো ডিব্ৰুগড় পলিটেকনিক ৰ sign বৰ্ড। “duty is a beauty ” ডাঙৰ ডাঙৰ আখৰে লিখা আছে sign board ত । মনত আউৰালোঁ “কৰ্মই ধৰ্ম” । মনত ভয়ৰ মাজতো অলপ সাহস আহিল । সেইখিনিকে গোটাই আগবাঢ়ি গলো গেট খনৰ ভিতৰত। অলপ দূৰ আগবঢ়াৰ পাছতে দেখিলো college ৰ main entrance ৰ মুখত কেইজনমান লৰাই কেইগৰাকী মান ছোৱালীক আগভেটি ধৰি কিবা সুধি আছে । বুকু খন ধম ধম মাৰিব ধৰিলে । মই যিটো লে ভয় কৰি আছিলোঁ তাকে হল । মই যেনে তেনে মনে মনে আগ বাঢ়ি যাওঁ বুলি খোজ আগুৱাই দিলোঁ। সিফালৰ পৰা এজন মোক কমেণ্ট কৰি সুধিলে ডিব্ৰুগড় পলিটেকনীক কেতিয়া স্থাপন হৈছিল ? মোৰ ৰেগিং ৰ first question?

PART 2 – প্ৰশ্ন টো শুনি মোৰ নিজৰ ওপৰতে বহুত খং উঠিল। কাৰণ মই ইমান সময় sign board খন চালোঁ কিন্তু ডিব্ৰুগড় পলিটেকনিক কেতিয়া স্থাপিত হৈছিল চোৱা নহল। এনেতে সিফাল ৰ পৰা এটা কমেন্ত আহিল, ,” ইমান সময় তুমি কি চাই আছিলা গেট ৰ মুখত ৰৈ” ।মনতে ভাবিলো সিহঁতে মোক মই অহাৰ পৰা মন কৰি আছিল । মই থত মত খাই কি কম কি নকম ভাবি থাকোতেই কৰ পৰা এজন চুলি দীঘল লৰা আহি মোৰ সন্মুখত থিয় দিলে ধৰিব নোৱাৰিলোঁ। তোমাৰ নাম কি?? লৰাটোৰ প্ৰশ্ন । মই ভয় ভয় কে কলোঁ ” ৰূপা” । লৰাজনে আৰু কিবা এটা সুধিব লওঁতেই সিফাল ৰ পৰা এটা চিয়ৰ আহিল ” শৰ্মা চাৰ পলা পলা” সন্মুখৰ লৰাকেইজন কেনি গল গমেই নাপালো। যি হওক মই সিহঁত কেইটাৰ পৰা ৰক্ষা পৰিলোঁ। ইফালে সিফালে চাই দেখিলোঁ নাম সোধা লৰাজন । সি মোৰ ফালে এনেকে চাই গৈ আছে যেন মোক খাইহে পেলাব। মই সেই ঠাইৰ পৰা আঁতৰি ক্লাছৰ ফালে খোজ ললোঁ। সুধি গম পালো ক্লাছ ৰূম দিয়া হোৱা নাই । তিনিওটা বিভাগৰ student সকলোকে একেলগে অডিতৰিয়াম তে ক্লাছ লৈছিল। ক্লাছৰ লগৰ বোৰ ৰ লগত চিনাকি হৈ মন টো ভাল লাগিল অলপ। আগবেলা টো কেনেকৈ পাৰ হৈ গল গম নাপালো। ক্লাছ তে ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং ৰ ছোৱালী এজনীৰ লগত ভাল বন্ধুত্ব হল। তাইৰ লগত কথা পাতি ৰাতিপুৱা কি হৈছিল সকলো পাহৰি গলো। পিছবেলা আমাৰ ৱৰ্ক চপ ৰ ক্লাছ আছিল । গৈ পাওঁতে ক্লাছ আৰম্ভ হোৱা নাছিল। ৰৈ থাকোঁতে পিছফালৰ পৰা কোনোবাই কোৱা শুনি পালো। ” ৰাতিপুৱা চাৰ অহা বাবে বাচি গলা এতিয়া কত যাবা” বুকুখন ধম কে মাৰিলে। মুৰ ৰ ওপৰত কিবা গধূৰ বস্তু এটা পৰা নিচিনা লাগিল। কত যাও কি কৰো লাগি গল। ঘূৰি চালোঁ ..

Assamese Romantic Love Story

Assamese Romantic Love Story

PART 3 – ৰাতিপুৱা দেখা সেই চুলি দীঘল লৰাটো , ৰাতিপুৱা বাচি গলা, ঘৰ কত তোমাৰ ? মই উত্তৰ দিলোঁ ” দুলিয়া যান” আৰু কিবা সুধিব লওঁতেই তাৰ লগৰ কিতাই কলে দত্ত চাৰ আহিছে। তোমাৰ কপাল খন বৰ ভাল দেই । আকৌ বাচিলা। সেই বুলি কৈ লৰাটো লগৰ কেইটাৰ লগত গলগৈ। মই ও ভগৱানক ধন্যবাদ জনালো মনে মনে। ক্লাছৰ লগৰীয়া বোৰ ৰ লগত কথা পাতি গম পালোঁ লৰাটো আমাতকৈ 2 বছৰ চিনিয়ৰ। তাক চিনি পোৱা এজনে তাৰ নাম জয়ন্ত বুলি কলে। এনেদৰে ৩ দিন মান একেলগে তিনিটা বিভাগৰ ক্লাছ হোৱাৰ পিছত প্ৰতিটো বিভাগৰ ক্লাছ ৰুম বেলেগ কৰি দিলে। ক্লাছবোৰ আৰম্ভ হোৱাৰ পিছত কেনেদৰে সময়বোৰ পাৰ হল গমেই নাপালোঁ। জয়ন্ত বোলা লৰাটোক মাজে মাজে দেখিলো যদিও মই তাক আওকাণ কৰিব ধৰিলো। এদিন ৱৰ্কশ্বপ ৰ ক্লাছ শেষ কৰি বাহিৰে বাহিৰে ঘৰলৈ যাম বুলি ওলাই আহিলোঁ polytechnic ৰ মুখলৈ। খালি ৰিক্সা এখন দেখি উঠি বহিলোঁ , তিনিআলিলৈ বুলি ।ৰিক্সা খন চলিব লওঁতেই কৰ পৰা জানো জয়ন্ত বোলা চুলি দীঘল লৰাটো আহি একে জাপে ৰিক্সা ত উঠি বহি ললে মই তলকিবই নোৱাৰিলো। তাক দেখি মই প্ৰায় ভয়ত পেঁপুআ লাগিলোঁ। সি সুধিলে ” কত যোৱা” মই কলো ঘৰ যাওঁ বুলি। আমাৰ ইনষ্টিটিউট খন main ৰাস্তাৰ পৰা প্ৰায় 2 কিলোমিটাৰ মান ভিতৰত, মই এতিয়া এই খিনি বাট তাৰ লগত কেনেকৈ যাম, কি কৰিম ভাবি থাকোতে জয়ন্ত ই কাৰোবাক ফোন ত কৈ থকা শুনিলোঁ , ঘৰ যাওঁ , মোৰ কাপোৰ কেইটা বেগ ত ভৰাই লৈ আহ তিনিআলি লৈ। মই মনতে ভাবিলো ৰিক্সা নাপালে কাৰণে হে ঘৰলৈ যাবলৈ বুলি মোৰ লগত উঠিলে। মনটো অলপ ডাঠ কৰি ললোঁ। ” ক্লাছ কৰি কেনেকুৱা লাগিছে? ” সি সুধিলে, ভাল লাগিছে বুলি কলো সন্মুখলৈ চাই যিমান পাৰোঁ গহীনকে। আৰু কথা নাপাতিলেও নাপাতক বুলি। “Boyfriend আছে নে? ” আকৌ সুধিলে। মোৰ মগজ টো গৰম উঠি আহিল। ৰিক্সা ৰ পৰা জপিয়াই দিওঁ নিচিনা লাগিল। একো নামাতিলোঁ বহুত ধৈৰ্য ধৰি। ” মই কি সুধিছোঁ শুনা নাই নেকি? ” সি সুধিলে, মই ভাবিলোঁ মনে মনে থাকি লাভ নাই , খঙত কিন্তু লাহেকৈ কলো, নাই। তাৰ পিছত আৰু ৰিক্সা ৰ পৰা নামালৈকে একো নুসুধিলে।নামি দেখিলোঁ লৰা এজন বেগ এটা লৈ ৰৈ আছে। জয়ন্ত এ বেগ টো লবলৈ যাওঁ তে মই তাক তাতে এৰি লৰালৰিকৈ bus stoppage লৈ বুলি খোজ ললোঁ। bus লৈ ৰৈ থাকোতে সিফালৰ পৰা জয়ন্ত আকৌ আহি মোৰ কাষতে ৰলেহি। এনেতে দুলিয়াজান যোৱা bus খন অহাত লৰালৰিকৈ বাছ ত উঠিলো। বাছ ত বেছি মানুহ নাছিল । চলিব লওঁতেই জয়ন্ত আহি মোৰ ওচৰতে আহি বহিল । মই একো নামাতিলোঁ। অলপ দূৰ মনে মনে যোৱাৰ পিছত সি সুধিলে, তোমাৰ কেনেকুৱা লৰা ভাল লাগে। মোৰ এনেও বহুত খং উঠি আছিল ইমান দেৰি ৰ পৰা, তাতে আকৌ বাছ টো একেলগে বহিছেহি। কৈ দিলোঁ মোৰ চুলি দীঘল লৰা একদম ভাল নালাগে। জয়ন্ত ই মোৰ ফালে এনেকে ঘোপাকে চালে যেন গিলি থব। মুখেদি একো নকলে। মই প্ৰতিটো stoppage ভাবোঁ নামক বুলি কিন্তু মোৰ আশাত চেঁচা পানী ঢালি সি একেবাৰে দুলিয়াজন ত নামিলে একেলগে । গম পালোঁ তাৰো ঘৰ তাতেই । নামিহে মন টো শান্তি লাগিল । সি যাওঁ বুলি কলে । মই মূৰ টো দপিয়াই ঘৰলৈ বুলি আগবাঢ়িলো । ঘৰত দুদিন মান থাকি এইবোৰ সব পাহৰি গলো । তিনিদিনৰ দিনা ক্লাছ থকাৰ কাৰণে পলিটেকনিক পালোগৈ ৰাতিপুৱা । main gate ত সোমাব লওঁতে দেখিলো চিনিয়ৰ দাদা কেইজনমানে মোলৈ চাই মিচিকিয়াই হাঁহি আছে । মই কি হৈছে ধৰিব নোৱাৰিলো। তেনেতে মোৰ লগৰ বন্দনা ক লগ পাই তাইৰ লগত একেলগে ক্লাছৰ ফালে খোজ ললোঁ । ক্লাছৰ সন্মুখতে লৰা এটাই আহি খুন্দা মাৰিলে । sorry বুলি কৈ চাওঁতে দেখিলো জয়ন্ত । কিন্তু দেখিবলৈ একেবাৰে বেলেগ যে । হে ভগমান, তাৰ চুলিখিনি ––জয়ন্ত ৰ চুলি….

PART 4 – “জয়ন্তই চুলি কাটিলে” কিন্তু কিয়, কাৰ বাবে, মই চুলি দীঘল লৰা ভাল নালাগে বুলি কোৱাৰ বাবে নেকি? এই চিন্তাবোৰ মনলৈ আহিছিল যদিও সেইবোৰ জাৰি জোকাৰি ক্লাছত সোমালোগৈ। আকৌ ক্লাছৰ ব্যস্ততা পঢ়া শুনা আদিৰ মাজত নিজকে ব্যস্ত ৰাখিলো। তেনেদৰেই চাওঁতে চাওঁতে semester পৰীক্ষা আৰম্ভ হব হল। দিনবোৰ আৰু ব্যস্ততাৰ মাজেৰে পাৰ হব ধৰিলে। তেনেতেই এদিন ক্লাছ ত গৈ পাই দেখিলো যে মই বহা ঠাই খিনিত ডেস্ক ত কোনোবাই মোৰ আৰু জয়ন্ত ৰ নাম লিখি heart shape বনাই থৈছে। মই সেই লৰাটোক এনেও দেখিব নোৱাৰো তাতে তাৰ নাম ৰ লগত মোৰ নাম সাঙুৰি এইবোৰ কৰা দেখি মোৰ বহুত খং উঠিল। কিন্তু কি নো কৰিম। নিজকে বহুত অসহায় নিচিনা লাগিল। এইবোৰ ভাবি থাকোতে ছাৰ আহি কেতিয়া ক্লাছ ত সোমাল গমেই নাপালোঁ। ক্লাছত অলপো মনটো নবহা হল। ক্লাছ চলি থাকোতে হঠাৎ দুৱাৰমুখ ৰ ফালে চকু পৰাত চক খাই গলো। জয়ন্ত তাৰ লগৰ এটাৰ লগত দুৱাৰ মুখত ৰৈ মোৰ ফালে একেথৰে চাই আছে। ক্লাছ শেষনোহোৱা লৈকে সি দুৱাৰমুখতে ৰৈ থাকিল। ক্লাছ শেষ হোৱাৰ পিছত ওলাই গৈ কিন্তু তাক দুৱাৰমুখত নেদেখিলোঁ। আগবেলাৰ ক্লাছকেইটা শেষ কৰি lunch break ত হোষ্টেল যাওঁ বুলি ওলাই আহিলোঁ। আমাৰ হোষ্টেল আৰু ইনষ্টিটিউট ৰ মাজত এখন খেলপথাৰ আছিল। আমি চমু হওক বুলি প্ৰায়েই খেলপথাৰৰ মাজেদিয়েই অহাযোৱা কৰিছিলোঁ। মই ও সেইফালেই হোষ্টেল যাওঁ বুলি গৈ দেখিলো জয়ন্ত তাতে ৰৈ আছে। সি মোক মাতিলে যদিও মই নমতাকেই খোজ দিলোঁ। হোষ্টেল পোৱালৈকে সি ৰূপা ৰূপা বুলি মাতি পিছে পিছে আহি থাকিল। মই খঙত ভোৰভোৰাই কিবা কিবি বলকি হোষ্টেল সোমালোগে। ভিতৰৰ পৰা ঘূৰি চাই দেখিলো সি gate ৰ সন্মুখত থকা pillar টোতে বহি আছে। অলপ পিছত 2nd half ৰ ক্লাছ কৰিম বুলি ওলাই গৈ দেখো যে সি gate ত ৰৈ আছে। আকৌ field ৰ মাজেৰে একেদৰেই মাতি মাতি পিছে পিচে আহি থাকিল। পৰীক্ষা আৰম্ভ নোহোৱালৈকে প্ৰায়ে এনেদৰে মোৰ পিছে পিছে ঘূৰি ফুৰিব ললে। মাজতে ভাবিলোঁ complain দিম বুলি। আকৌ ভয়ো লাগিল কিবা অভদ্ৰামি কৰিব বুলি পিছত। যি নহওক মই তাক ignore কৰিব ধৰিলো। পৰীক্ষা আৰম্ভণি হল , আৰু মই হোষ্টেলত সোমাই পঢ়া ত লাগিলোঁ এই অদৰ্কাৰি চিন্তাবোৰ বাদ দি। পৰীক্ষা শেষ হল। দীঘলীয়া বন্ধ পালোঁ। ঘৰলৈ আহি সকলো পাহৰি গলো। মোৰ মাহীৰ লৰা ভাইটি ও মোৰ লগত একেলগে পঢ়িছিল । একে batch ৰে আছিল, তাৰ বিভাগটোহে বেলেগ আছিল ।পৰীক্ষা শেষ কৰি সি ও ঘৰতে আছিলহি।…

PART 5 – এদিন পিছফালে কিবা কাম কৰি থাকোতে মা আহি কলেহি , তহঁত ৰ কলেজ ৰ লৰা এজন আহিছে ভাইটি ৰ লগৰ। মই ভাবিলোঁ তাৰ লগৰ যেতিয়া মোৰো লগৰ হব। ওলাই গলো আগফালে। গৈ দেখি মই আচৰিত হলো। ভাইটি ৰ লগত দেখোন জয়ন্ত বহি আছে। ভদ্ৰতাৰ খাতিৰ ত মাত লগাই গুচি আহিলোঁ ভিতৰলৈ। মাহি আৰু মা য়ে জয়ন্ত ৰ ব্যৱহাৰ বৰ ভাল পাইছিল। এনেকৈ জয়ন্তই মই ঘৰত থকা দিন কেইটাত কেইবা বাৰো মাহী হতৰ ঘৰলৈ আহিল। মোৰ আৰু চাই থকাৰ বাহিৰে বেলেগ উপায় নোহোৱা হল। একো কবও নোৱাৰা হলো। বন্ধ শেষ হোৱাৰ পিছত আকৌ 2nd semester class আৰম্ভ হল। মইও ঘৰৰ পৰা হোষ্টেল আহিলো। ক্লাছ আৰম্ভ হোৱাৰ পাছত মই ব্যস্ত হৈ পৰিলোঁ। জয়ন্ত এইবাৰ শেষ semester ত আছিল। মনে মনে ভাল লাগিল যে এইডাল আৰু ৬ মাহ ৰ পিছত যাব। ছমাহ যেনে তেনে পাৰ কৰিব পাৰিলেই ৰক্ষা। মই গম পাইছিলো যে জয়ন্ত পঢ়াত বহুত ভাল আছিল। ছাৰ বাইদেউ হতেও তাক ভাল পাইছিল, সকলোৰে প্ৰতি তাৰ ব্যৱহাৰ বহুত ভাল আছিল।কিন্তু মোক ইমান অশান্তি কেলে কৰে নাজানিছিলোঁ। সেই কিদিনতে আমাৰ কলেজ ফেষ্টিভেল আৰম্ভ হল। মই ও তাত অংশগ্ৰহণ কৰিলো। কলেজ ৰ মেগাজিন ত মই এটা কবিতা লিখিছিলোঁ, ” *পুলক মাথো তোমাৰ শিৰোনামাৰে* “তোমাৰ বাবেই ছাগে এদিন গোপনে মোৰ জীৱনত বহাগ আহিছিল বুকুৰ চৌপাশে অমূলমূল লাগিছিল । কপৌ ফুলৰ বাহাগী গোন্ধ । তোমাৰ বাবে ই মোৰ কৰু কালিজাৰ । প্ৰতিটো স্পন্দাত নিগত হবলৈ ধৰিছিল । ভালপোৱাৰ ফলপাধৰে গোপনে : অতি সংগোপানে । অথচ তুমিতো গমেই পাইছিল মোৰ নিজৰ বাহিৰে আন কাৰো ওচৰত সহজেই সৰু হব নোৱৰা বদগুন তোৰ কথা যাৰ বাবে ক্ৰমশ: তুমিও হৈ পৰিছিলা এদিন ক্ৰৰ অথবা নিদয় । আৰু যাৰ বাবে ই এদিন তোমাক হেৰুৱাব লাগিব বুলি জানিও । কোনো দিন মোৰ প্ৰেমৰ শিকলিৰে বাধিব চেষ্টা নাকৰিলোঁ তোমাক । কোনো দিন নিবিচাৰিলোঁ মামতাজ দৰে মই তোমাৰ পৰা হেঁপাহৰ তাজমহল । তুমি সচাকৈ এদিন গুচি গলা আজি বহুত দিন যোগাযোগ বিচ্ছিন্নতাৰ পাছত । অনুভৱত এতিয়া মাথোঁ তুমি বহুদিন বিৰতিৰ পিছত এটি কবিতা লিখিলোঁ । তোমালৈ ” পুলক মাথো তোমাৰ শিৰোনামাৰে” কেইদিনমান পিছত মই ক্লাছ গৈ থাকোতে জয়ন্তই আগভেটি ধৰিলেহি। সি মোক সুধিলে, ‘ তুমি এই কবিতাটি কাৰ কাৰণে লিখিছা ‘ মোৰ খং উঠি আহিল, কলো এইটো মই কাৰো কাৰণে লিখা নাই এইটো এটা কবিতাহে হয়। জয়ন্তই অ বুলি কৈ আৰু একো নোকোৱাকৈ গুচি গল। মই বুজি নাপাওঁ এই লৰা টো কেলে এনেকুৱা……………

PART 6 – জয়ন্ত গুচি যোৱাৰ ফালে মই বহুত সময় চাই ৰালোঁ । সি সকলোকে ভাল ব্যৱহাৰ কৰে কিন্তু মোক কোনো দিন ভাল কে মাত এষাৰ মাতি পোৱা নাই । যি সক মোৰ তাৰ লগত একো মতলব নাই । মই সকলো খেলত অ‌‌ংশগ্ৰহণ কৰিলো । আৰু বহুত কেইটা খেলত জিকিলোঁ আমাৰ হোষ্টেলৰ চিনিয়ৰ বা কেইজনীযে নাচৰ এটা গ্ৰুপ উলিয়ালে । মোকো তাত নাচিব কালে । মই খেলাধুলা কৰিব পাৰো কিন্তু নাচ গান কৰিব নাজানো । চিনিয়ৰ বা কেইজনীয়ে বহুত কোৱাত নাচিবলৈ মান্তি হলো । প্ৰগ্ৰেম দিনা আমি ষ্টেজ ৰ ওপৰত উঠিলোঁ ।নাচ আৰম্ভ হল ‘খিতি খিতি কৰি অ লাহৰী মাকো মাৰি থাকোতে’ নাচ আৰম্ভ হোৱাৰ পৰা দৰ্শক ( আমাৰ লগৰ,দাদা,বাইদেউ) সকল ইমানেই উকি মাৰি চিঞৰ বাখৰ কৰিলে আমি লাজতে নাচিবলে পাহৰিলোঁ ।কিবা এটা নাচি যেনে তেনে শেষ কৰিলোঁ ।নাচ শেষ হলত ষ্টেজ ৰ ওপৰৰ পৰা খকা খুন্দা কৈ নামুটে ষ্টেজ ৰ চুকৰ ফালে আন্ধাৰত কোনোবা অকলশৰীয়া কৈ ৰৈয় থকা নিচিনা লাগিল । ভালকৈ চাওঁতে দেখিলে জয়ন্ত ৰৈয় আছিল ।তাক দেখি লাজত মোৰ গাল দুখন ৰগা পাৰি গল । হোষ্টেল আহি মনতে ভাৱ হল জয়ন্ত ক দেখি মোৰ কিয় লাজ লাগিল । তাক দেখি টু মোৰ সদায় খং উঠে । আজি কিয় এনেকুৱা হল । মোৰ জয়ন্ত ৰ প্ৰতি মনৰ ভাৱ সলনি হৈছিল । আমাৰ ক্লাছ বোৰ আৰম্ভ হল । জয়ন্ত কোনো দেখা দেখি নাই ।জয়ন্ত ৰ last semester হয়তো সি পঢ়াত ব্যস্ত । মইও মাজে মাজে ইফালে সিফালে চাওঁ তাক দেখা পাওঁ নেকি এনেকৈ দুমাহ পাৰ হল । এদিন ফোন টু ৰিং হোৱাত recived কৰিলোঁ। hello,কোনে কৈছে? সিফালৰ পৰা ‘আমাৰ হোষ্টেলৰ জয়ন্ত বোলা লৰা জনে তোমাক ভাল পায় । মই আকৌ সোধিলো কোনে কৈছে ? সি একো উত্তৰ নিদিলে । আকৌ কলে জয়ন্ত য়ে তোমাক ভাল পায় । মই কালো মই কাকো ভাল নাপাওঁ কৈ ফোন টু কাটি দিলোঁ । আকৌ ফোনটু ৰিং কৰিলোঁ মই received নাকৰিলোঁ । কি জয়ন্ত মোক ভাল পাই? এইটো সম্ভৱ নহয় সকলোৱে জানে জয়ন্ত মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰে । সেই কাৰণে চাগে চিনিয়ৰ দাদা কেইজনে মোৰ লগত ধেমালি কৰিছে । এইটো কথা মই ধেমালি হিচাপে লৈ তাতে এৰি দিলে । মই পঢ়াত মনজুক দিলোঁ । আৰু দুমাহ পাৰ হল । মোক কোনেও জয়ন্ত ৰ ভয়ত প্ৰেমৰ প্ৰষ্টাব দিয়া নাছিল । কিন্তু আমাৰ লগৰ এজনে সাহক কৰি মোক প্ৰেমৰ প্ৰষ্টাব টু দিলে ।মই মনতে ভাল পালো । সকলোৰে বয় friend আছে মোৰ হে নাই । মই ও দুদিনৰ পাছত উত্তৰ দিম বুলি কলো । দুদিন সি ক্লাছ নাহি । দুদিনৰ পাছত সি মোলৈ ফোন কৰিলে । দীপক ‘ মই তোমাক ভাল নাপাওঁ, মই তোমাৰ লগত ধেমালি কৰিছিলোঁ’ এইবোৰ কি কৈছা । মই খংত সুধিলো । মই ধেমালি কৰিছিলোঁ মোক বেয়া নাপাব। মই ফোন টু কাটি দিলোঁ । মোৰ বহুত খং উঠিছিল । মই খংগতে mobile টু দলিয়াই দিলোঁ বিচনালৈ । এনেতে মোৰ লগৰ বন্দনা মোৰ ওচৰলৈ দৌৰি আহিল । অই এটা কথা গম পালিনে । মই সুধিলোঁ কি কথা । তহঁতৰ লগৰ দীপক বোলা লৰা জনক জয়ন্ত য়ে বহুত পিটিলে । কি ……..…..

PART 7 –

কি ? জয়ন্ত দীপক ক পিটিলে
বন্দনা ৰ কথা শুনি মই থত মত খালোঁ ।
কিন্তু কিয় । দীপক মোক ভাল পাওঁ বুলি কৈছিল হে কাৰণে নেকি ।
মোৰ মনত বহুত কিবাকীবি ভাৱ আগুৰি ধৰিলে ।
বন্দনা’ -অ ই কি ভাবিছ
মই’ -এইবোৰ কথাকে ভাবিছোঁ।
বন্দনা’-ভাবিব নালাগে দে । জয়ন্ত আৰু দীপক ৰ মাজত কিবা কাজিয়া হল ছাগে । আৰু মোক দীপক ক বৰ এটা ভাল নালাগে ।
মই’- কিয় ?
বন্দনা’- এনে ভাল নালাগে।
মইও আৰু ভাবিব বাদ দিলোঁ
দীপক কেবা দিনো ক্লাছ নাহিল । মই এবাৰ তাক লগ কৰিম বুলি ভাবিছিলোঁ ।
পাছত গম পালোঁ দীপক tranfer ললে ।
মোৰ প্ৰথম প্ৰেমৰ আৰম্ভনি তাতে অন্ত পৰিল ।
মোৰ জয়ন্ত ৰ ওপৰত বহুত খং উঠিল । তাৰ কাৰণে সব হল । সি দীপক ক নমৰা হেতেন মোৰ আজি এনেকুৱা নহয় ।
মই আৰু এইবোৰ ভাবি নাথাকি পঢ়াত মন দিলোঁ
আজি শনিবাৰ আমাৰ ক্লাছ সোনকালে শেষ হল । মই হোষ্টেল লৈ আহি ভাত খাই অলপ জিৰাই ললোঁ । কালৈ দেওবাৰ আমাৰ ছুটি আছে ।
অলপ town লৈ যাব লাগিব
বাজাৰ অলপ আছে ।
এইবোৰ কথা ভাবি থাকোতে ফোন টু ৰিং হল ।
Hello, কোনে কলে
মই প্ৰশান্ত দাই কৈছোঁ ।
মই প্ৰশান্ত দা ক চিনি পাওঁ আমাকৈ চিনিয়ৰ হয় । জয়ন্ত ৰ room met কিন্তু জয়ন্ত কৈ তেওঁ চিনিয়ৰ হয় back আছে কাৰণে exam দিবলৈ আহিছে
প্ৰশান্ত’- মোৰ room met তোমাক লগ কৰিব বিচাৰিছে । কালি দিনৰ 12 বজাত
মই’- মই কাকো লগ কৰিব বিচৰা নাই ।
প্ৰশান্ত’- তুমি মোক দা দা হিচাপে ভবা নহয় । pls মোৰ কাৰণে তাক এবাৰ লগ কৰা ।
প্ৰশান্ত দাই বহুত request কৰাত মই লগ কৰিব মান্তি হলো ।
মই’- সি মোক দিনৰ 12 বজাত লগ কৰিব বিচাৰিছে ।
ইমান দি দুপৰত কোনোবাই লগ কৰে নেকি ।
প্ৰশান্ত’- হাঁহি হাঁহি । হব দিয়া কেতিয়া লগ কৰিবা
মই’- 2 বজাত কৈ ফোন টু কাটি দিলোঁ ।
মোৰ কাইলৈ town যোৱা নহব । সব প্লেনিং শেষ হৈ গল
এনেও তাৰ ওপৰত মোৰ খং এটা উঠি আছিল । সি মোৰ প্ৰথম ভাল পোৱা পিটি মেলি ঘৰ পঠাই দিলে ।
মনতে ভাবিলো কাইলৈ তাক ভাল আহক দিম ৰ

PART 8 –  ওবাৰে জয়ন্ত আহিল ঠিক 2 বজাত । জয়ন্ত য়ে dark blue colour চাৰ্ট আৰু কলা জীন্স পিধিছিল । জয়ন্ত দেখাত বেয়া নাছিল ওখ 5’9” মাগু বৰণ । এজন ধুনীয়া লৰা । আৰু আজি অলপ বেছি ধুনীয়া লাগিছে । তাৰ তুলনাত মই avarge । বৰ বেছি ধুনীয়া ছোৱালী নহয় মৰম লগা বুলি কয় বহুতে । জয়ন্ত আহি সোমাল আমাৰ হোষ্টেলত । মই বহিব দিলোঁ । আমাৰ ভিচিটিং ৰুমত । মই তাক বহিবলৈ দি চাহ আৰু মেগী বানালো । চাহ ত দিলোঁ এসোপা মান চাহ পাত আৰু মেগী খিনিত 20 ত মান জলকীয়া । আজি তাক ভালকৈ এসেকা দিম ৰ । মোৰ প্ৰথম ভাল পোৱা মাৰি পিটি ঘৰ পাঠালি । জয়ন্ত ক চাহ আৰু মেগী দিলোঁ খাবলৈ । জয়ন্ত য়ে চাহৰ প্ৰথম সোপাতো মাৰি মোৰ মুখলৈ চালে । মইও নাজনাৰ ভাও জুৰি ইফালে সিফালে চাই থাকিলোঁ । জয়ন্ত য়ে ভাবিছে চাগে এইজনীয়ে একো ডাল বনাব নাজানে চাগে । সি মেগী এক চামুচ মুখত ভৰালে । মেগী গাল ভৰোৱা লগে লগে সি ফোঁপাব লাগিল । গোটে গাটো ঘামি জামি অবস্থা বেয়া । তাৰ অবস্থা দেখি মই দৌৰি গৈ ভিতৰ পৰা পানী বটল টু আনি দিলোঁ । সি একে সোপাতো গোটে পানী বটল টু শেষ কৰিলে । জয়ন্ত য়ে জলা নাখায় চাগে । সি কিয় আহিছিল সব পাহৰিলে । একে জাপে চকীৰ পৰা উঠি । মই যাওঁ বুলি কৈ গুচি গল ।তাক যোৱা দেখি মোৰ ভালো লাগিল লগতে অলপ বেয়াও লাগিল । কেইদিন মানৰ পাছত আমাৰ exam ষ্টাৰ্ট হল ।মইও exam বোৰ ভালকৈ দিব চেষ্টা কৰিলোঁ । Exam শেষ হল আজি । আজিৰ পৰা আৰু ৬ মাহলৈ কোনো টেনশ্যন নাই । জয়ন্ত হতৰ exam শেষ হোৱা নাই আৰু কেইদিনমান লাগিব । কাইলৈ ঘৰলৈ যাম আমাৰ হোষ্টেল বন্ধ হব । আকৌ ক্লাছ আৰম্ভ হলে জয়ন্ত হতক আমি লগ নাপাওঁ । মই এইবোৰ কথাকে ভাবি ভাবি হোষ্টেল আহি পালোঁ । হোষ্টেলত ভাত খাই কাপোৰ ভৰোৱা ত লাগিলোঁ । এনে তে ফোন টু ৰিং হল । ফোনত অচিনাকি number এটা ভাহি আহিল

Hello,
মই জয়ন্ত কলো
মই লাহেকৈ অ বুলি কলো
জয়ন্ত – তোমাৰ exam কেনেকুৱা হল
মই- ভালে হল
জয়ন্ত-ঘৰ কেতিয়া যাবা
মই- কালি যাম
জয়ন্ত- দুদিনমান ৰয় দিয়া ঘৰ একেলগে যাম
মই- মোৰ হোষ্টেল কালিৰ পৰা বন্ধ হৈ যাৱ।মই কেনেকে থাকিম ।
জয়ন্ত- অ । বুলি লাহেকৈ কলে
জয়ন্ত- ঠিক আছে তেন্তে কালি মই তোমাক তিনিআলিটো বাছত উঠাই থৈ আহিম ।
মই- নালাগে মই যাব পাৰিম
জয়ন্ত- মই তোমাক সোধা নাই । কৈছোঁ হে
অলপ টান কৈ জয়ন্ত য়ে মোক কলে ।
মই- অ বুলি কৈ ফোন টু কাটি দিলোঁ ।
আজি মোৰ ৰাতি টু টোপনি নাহিল । কালৈ মোৰ কি হব তাক সিদিনা মই ইমান সোপা জলকীয়া খোৱাৰ বাবে মোক কালৈ কিমান গালি পাৰিব ঠিক নাই । কিহে পাইছিল চিনিয়ৰ লৰা এটাৰ লগত ফেৰ মাৰিব । আজি মোৰ নিজৰ ওপৰতে খং উঠিছে । হে ভগবান মোক বাচোৱা এইডালৰ পৰা ।
Are you enjoying this “Assamese Romantic Love Story” ? Pleasse go to the Comment Section under this Post and share your comments on this beutiful Assamese Romantic Story.

I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.

Click to comment

Leave a Reply

Trending

close

Copyright © Assam News Live

%d bloggers like this: