Assam
Top 10 Assamese Poems On Nature | Best Assamese Poem On Nature

Are you searching for Assamese poems on nature to learn more about poems? So your search for Assamese poems on nature is ended here. Because we have listed some best Assamese nature-based poetry collections so that you can read them here. Using these poems you can easily express your love for nature. Even you can take the help of our latest collection of Assamese Poem on Nature. Below are the famous Assamese poems based on nature –
Table of Contents
1. Latest Assamese poems on Nature
ঋতুৱে ঋতুৱে বৰণ সলায় This Poem is written by Anu Neog Tamuly |
সীমাহীন ভাবনাত বিহ্বলিত আজি প্ৰকৃতিৰ ৰূপ-গন্ধ — এই যে বতাহে ভয় খোৱাই লৰাই থৈ গছৰ পাত — সাগৰখন বলীয়ান হয় দিকভ্ৰান্ত হৈ — অৱহেলিত নৰ তনুৰ হৃদয়ত ফুলে কি যে বিষাক্ত আভা — !! প্ৰকৃতিক সুধিলে জানো উওৰ পাই জীৱিত যদিও প্ৰকৃতি শব্দৰ নিৰ্বাক কাঁয়া — বিনিময় কৰিছোঁ মাথোঁ এটি উশাহৰ বাবে — নহ’লে মৃত্যু অনিবাৰ্য — বিষাক্ত কৰি মানৱ কুলে কৰে কিয় অনাদিলৈ বিদীৰ্ণ প্ৰকৃতিৰ ভাৰসাম্য — এই যে এটি মসৃণ উশাহ বিৱৰ্ণতাৰ কুঠৰীত আজিও আৱদ্ধ — !! This Poem is written by Ranjan Bora |
এচাটি শীতল বতাহৰ হেপাহেৰে মেলি দিলো খিৰিকিখন। হো-হো কৈ সোমাই আহিলতপত বতাহ এজাক, যন্ত্ৰণাত কাতৰ মোৰ উশাহ-নিশাহ!! এই খিৰিকিখনেই। এই খিৰিকিখনৰ মুখতে বহি চাইছিলো শালিকীহালৰ যুঁজ, ভুৰুংকৈ উৰি যোৱা ঘনচিৰিকাজাকৰ ভুমুক। চাইছিলো আকাশক তুলি ধৰা কাকিনী তামোলৰ পাতবোৰ, মলয়াৰে খেলা কৰা নাহৰৰ পাতবোৰ আৰু বকুলজোপা!! নাকে-মুখে সুৱাসৰ পাৰ ভঙা চুমা দিয়া বকুল জোপাক কি সতে, অতীতক সপি দিও বাৰু? এই খিৰিকিমুখতে অনুভৱ কৰিছিলো প্ৰতিটো ঋতুৱে কৰা সুন্দৰৰ আলাপন, অনুভৱ কৰিছিলো কাঁচিয়লীৰ কোমল পৰশ। শীতৰ কোনোবা কোমল পুৱাতে খিৰিকিত পৰিছিলহি ভাটৌ এজনী। কলকলাই জনাইছিল মধুৰ সুপ্ৰভাত। আহ!! সুন্দৰৰ কি যে অপূৰ্ব সৃষ্টি!! কও নকওকৈ বহু কথাই কৈছিল তাই মইহে বুজাৰ ভাও ধৰি একোকে নুবুজিলো। অপেক্ষাৰ হাবিয়াসত নিতো বহো খিৰিকিমূখত। সেইদিনধৰি আজিলৈ দেখা নাই ক’লৈ গ’ল ! ক’তেনো হেৰাল!! সময়ৰ বলুকাই কাঢ়ি নিলে সুন্দৰক। °°°°° ইমান তপত বতাহ! কিয় বিচাৰো খিৰিকি? নাপাও যদি শীতল বতাহ ছাটি নাপাও যদি সেউজী প্ৰেমৰ শান্তি নেদেখো যদি জোনাকৰ মধুচন্দ্ৰিকা নিবিলায় যদি শেৱালিয়ে সুৱাস তেনেহলে কিহৰ বাবে খিৰিকি?? আত্মাৰ ক্ষোভৰ জুয়ে মোক বাৰে বাৰে কয়, “বন্ধ কৰা খিৰিকি”। দুই হাত মেলোতেই দেখিলো, চোতালৰ চুকত গোলাপজুপিয়ে অজানিতে জকমককৈ ফুলি মোলৈ চাই মাৰিছে হাঁহি। This Poem is written by Jutika Sarma |
নদীখন বৈ থাকোঁতে গাঁওখন সজীৱ, পথাৰবোৰ সেউজীয়া, ভঁৰালবোৰ মেটমৰা আৰু কৃষকৰ মুখবোৰ হাঁহিৰে আছিল ভৰা । নদীখন বৈ থাকোঁতে প্ৰাণৱন্ত আছিল কৰ্দৈগুৰি ঘাট ইপাৰৰ পৰা সিপাৰলৈ সঘন আহ-যাহত মুখৰ হৈছিল গধূলি পুৱা। এতিয়া নদীখন ইয়াত নাই নদীখনে গতি সলালে, নদীও নাই সেই সেউজীয়া পথাৰো নাই অতীত হ’ল শস্যৰ মেটমৰা ভঁৰাল, উঠি গ’ল কৰ্দৈগুৰি ঘাট, ঘাটৈ ককায়ে আৰু নাবায় নাও, নিৰস, অলস কৃষকৰ মুখ সিহঁতৰ এতিয়া দুখৰ উপৰি দুখ। নদীখন এতিয়া সাধু কথা হ’ল বুঢ়ী আইয়ে নাতিক নদীৰ সাধু কয় নাতিহঁতে ভেবা লাগি শুনে বুঢ়াবোৰে হুমুনিয়াহেৰে অতীত ধিয়ায়। This Poem is written by Anjan Phukan |
ৰিমঝিম বৰষুণ নামিছে । গুণ গুণ কানে কানে কিনো কথা ক’লে । ভাৰাক্ৰান্ত মন ক্ষন্তেকৰ কাৰনে হলেও শান্ত হ’ল । মাজে মাজে বিজুলীৰ চমক – মন মোৰ সচকিত হ’ল । প্ৰকৃতিৰোযে আছে তাণ্ডব নৃত্য । প্ৰকৃতিৰোযে আছে ধ্বংসযজ্ঞ । নিমিষতে সকলো মাটিৰ ল’গত মিলি যায় । হেয়ে — মানৱ জাতি আজি – ৰুষ্ট প্ৰকৃতিক দমন কৰি – বুদ্ধিজিৱী মানৱে – নিজৰ সৃষ্টি অব্যাহত ৰাখিছে । নিজৰ জীৱন সুৰক্ষাৰ কাৰনে – বিজ্ঞানৰ সৃষ্টিয়ে অৰিহনা যোগাইছে । জীৱশ্ৰেষ্ঠ মানৱে সেয়ে প্ৰকৃতিক আওঁকাণ কৰি আজি — জীৱন আগুৱাবলৈ যৎপৰোনাষ্টি – আশুপুৰুষাৰ্থ কৰিছে । ঠিক প্ৰকৃতিৰ দৰেই – মানুহৰো ছাগে প্ৰকৃতিৰ প্ৰভাৱ পৰিছে । মানুহৰ মন মগজুত আজি – বিকৃত ৰূপ ধাৰন কৰিছে । খং-ৰাগ মনৰ উগ্ৰতা আদি – হৃদয়ত মৰম স্নেহৰ বিজুতি ঘটিল । মানৱ আজি দানৱলৈ পৰিনত হৈছে । এনেদৰে চলিব পৃথিৱী । এনেদৰেই চলিব মানৱ জাতি । প্ৰকৃতিৰো ছাগে ইচ্ছা । This Poem is written by Abha Das |
2. Best Assamese poems on Nature
তুমি হেৰালেওঁ This poem is written by Rabia Begum |
সেই প্ৰকৃতি প্ৰেমিক মানুহজন লুইতৰ ঔৱনা চাপৰিত মুলাই কাঠনিবালিৰ বালিচন্দাতে সোণ-ৰূপৰ মুকুতা পিন্ধাই গঢ়িছে সেউজীয়া পৃথিৱী । পৰিৱেশক প্ৰাণ দিছে জীৱকো উশাহ দিছে বনৰীয়া জীৱ-কূল সযতনে ৰাখিছে । তেৱেঁই মহামানৱ প্ৰকৃতি প্ৰেমিক” ভাৰতৰ অৰণ্য মানৱ”। যি ক্ষণে সাধুলোকে হাবি কাটি তহিলং কৰিছে বৰ বৰ অট্টালিকা, নগৰ-চহৰ,উদ্যোগ গঢ়িছে সেই হেন পৰত শ্ৰমজীৱি মানৱ কৃষকে বিনা মূল্যে সেউজীয়া পৃথিৱী গঢ়িছে । তুমি মানৱ পৃথিৱীৰ প্ৰকৃত মানৱ তুমি সম্পদ পৃথিৱীৰ অমূল্য সম্পদ সেই প্ৰকৃতি প্ৰেমিক মানুহজন… This poem is written by Najitora Saikia |
তোমাতেই নিহিত হৈ আছে This poem is written by Jayprakash Deka Boruah |
বসন্ত আৰু প্ৰকৃতিৰ প্ৰেমৰ কথা কাণে কাণে কৈ গ’ল বতাহে নদীখনক দুৰন্ত প্ৰেমিক বসন্তৰ পৰশত প্ৰকৃতি জনীও হৈ পৰিল সেউজীয়া। বসন্তই আকৌ মনে মনে ফুচফুচাই মাতি থৈ আহিল বহাগীক গম পাই প্ৰকৃতি জনীয়ে আউলি বাউলি হৈ বসন্তৰ ওপৰত অভিমান কৰি ধুমুহা বৰষূণ হৈ গৰজি উঠিল। বসন্তই শান্ত হৈ চাই ৰল মাথো প্ৰকৃতিৰ তাণ্ডব নৃত্যএকোকে নকলে, এসময়ত শান্ত হল প্ৰকৃতি বসন্তই বিচাৰে সকলোৰে হৃদয়তপ্ৰেমৰ কঠিয়া সিচি জীৱনটো ৰঙীন কৰি তুলিবলৈ। মাটি আৰু আকাশৰ সম্পৰ্ক গঢ়িবলৈ পথাৰ খন জীপাল কৰি কৃষকৰমনত আশাৰ সঞ্চাৰ কৰিবলৈ ,বহাগী আহিলেহে যে এইবোৰ সম্ভৱ হব বুজাই দিলে প্ৰকৃতিক প্ৰকৃতিয়েও বুজি পাই মৰমেৰে আদৰি আনিলে বহাগীক। This poem is written by Rupali Bora |
3. Short Assamese Poem on Nature
চৌদিশ কুৱলীৰে আৱৰা প্ৰকৃতি.. এজাক তাতে স্নিগ্ধ শীতল ফিৰফিৰিয়া বতাহ বলি আছে.. শীত যেন গাল মুখৰ পৰা বিয়পি পৰিছে সৰ্বশৰীৰ.. অগ্নিৰ তাপে যেন ৰুধিব পৰা..নাই চেঁচা দেহটি… কিন্তু..! শীতে যেন আগুচি ধৰিব নোৱাৰা.. মনটোক দৌৰি ফুৰিছে দশোদিশ… This poem is written by Pallabi Das |
পাহাৰৰ বুকুৱেদি নিজৰাটি বয় হাঁহি হাঁহি নিজৰাই পাহাৰক কয় ইমান কঠিনতাৰ বুকুতো কেনেকৈ সম্ভৱ তোমাৰ এই শ্যামলী শোভা ? প্ৰত্যুত্তৰত পাহাৰে মিচিকিয়াই কয় সৃষ্টিৰ মহিমা অপাৰ—- যেনেকৈ সমুদ্ৰৰ অটল গৰ্ভতো প্ৰকৃতিৰ সেউজীয়ামণি- মুকুতাৰে জকমকীয়া তেনেকৈয়ে , মোৰ শিলাময় বুকুতো নিজৰাৰ কুলুকুলু ধাৰ তথা বিনন্দীয়া প্ৰকৃতিৰ অপৰূপ সম্ভাৰ । This poem is written by Dipti Dutta |
সুমিষ্ট সুৰৰ গুঞ্জনেৰে প্ৰকৃতি ৰাণীক কৰি চঞ্চলা আহিলি অজান দেশৰ পৰা পাখিত বান্ধি আনিলি ঋতুৰাজ বসন্তৰ বতৰা কুউ কুউ সুৰৰ লহৰত ডেকা-গাভৰুৰ কলিজাৰ — তেজো ফুল হৈ ফুলে ঢোলত চাপৰ মাৰি ঢুলীয়াই ৰঙালী বিহুটি আদৰি আনেতয়েই নহয় জানো– বিৰিখৰ ডালে-ডালেপাতৰ আঁৰে-আঁৰে মধুৰ সুৰেৰে গাণ গোৱা ক’লা বৰণীয়া বসন্ত বিহগী পৰিভ্ৰমী কুলি চৰাই ? This poem is written by Lalita Das |
তোমাৰ পৰশ পাই । প্ৰকৃতিয়ে পিন্ধিব সেউজীয়া আভুষণ । তোমাৰ পৰশ পাই । গছৰ ডালত কুলিৰ মৌ সনা মাত । তোমাৰ পৰশ পাইপ্ৰকৃতি আজি বিনন্দীয়া । তোমাৰ পৰশ পাইসকলোৰে মন উৰণীয়া । তোমাৰ পৰশ পাইজিপাল হৈ উঠিল এই ধৰা । তোমাৰ পৰশ পাইআহিছেআশাৰ বতৰা । তোমাৰ পৰশ পাই গাভৰু হল এই ধৰা This poem is written by Jayanta Kalita |
Final Words
We hope you have liked our collection of Assamese Poems on Nature. We will keep updating the list with more beautiful Assamese poems on Nature. Thank you for visiting our site. You can also check our article on – Top 5 most famous Assamese Poets