Are you searching Assamese poems (অসমীয়া কবিতা) to impress someone or to read it? So your search for Assamese poems (অসমীয়া কবিতা) ended here. Because we have collected the best Assamese poems (আধুনিক অসমীয়া কবিতা) for you so that you can read them here. Reading these Assamese poems (অসমীয়া কবিতা) will instill a feeling of love for you in his heart. Here are the famous Assamese poems (অসমীয়া কবিতা) –
Modern Assamese Poem – আধুনিক অসমীয়া কবিতা
(1)
হেঁপাহৰ টোপোলা লৈ
আহিল আহিল এজাক বৰষুণ্
জেঠৰ মাদকতা জীপাল কৰি,
মাদকতা ভৰা ৰিম্ ঝিম্ বৰষুণ
জাকে আবেগ ভৰা,হৃদয়ৰ মাজত
সুৰৰ। মূৰ্চনা তুলি গায়যায় গুন্ গুন।–
আহা,আহা বাৰিষা মোৰ হৃদয়লৈ
দেহ-মন জীপাল কৰা–
ইয়াতেই পাম কিজানি মই হ’ব
খোজা বৰ্তমানৰ ৰঙীন চিৰ যৌৱনা
(2)
বিগলিত হৃদয়ৰ উচুঁপনি
শুনিছা নে কেতিয়াবা
য’ত মাথো নিৰন্তৰে
দুখৰ অশ্ৰু বয় ।
দিঠকৰ ঠিকনা পাইও
সপোন সাৱটিব লগা হ’লে
অবুজ মনত কিহৰ ধুমুহা বলে নিৰলে
কলিজাৰ চটফটনি কোনেনো বুজিব পাৰে ?
অব্যক্ত মনৰ ভাৱনাই
আজি খুলি খুলি খায়,
সময়ৰ প্ৰতি খোজে
অমাৱস্যাৰ আন্ধাৰহে বিয়পাই ।
তথাপিও ৰৈ আছো নেদেখা দুৰলৈ চাই,
কিজানিবা তুমি যোৱা বাটতেই
ফুলিছে প্ৰেমৰ খৰিকাজাঁই।।
– মনালিছা বড়া বৰুৱা
(3)
সেউজীয়া মাথোঁ সেউজীয়া
মোৰ পদূলিৰ ঘাঁহনিডৰা,
সম্পৰ্ক এবুকু উশাহৰ সতে
প্ৰতিদিনে এৰিব নোৱাৰা।
মোৰ শিপা সেউজীয়া
আৰু সেউজীয়া কোমল হিয়া
প্ৰাণভৰি ভাল পাওঁ..
এটি কলি, দুটি পাত
সেউজীয়াৰ মধুৰ গান,
সেউজীয়া নহ’লে নাথাকে প্ৰাণ।
কৃত্ৰিম ৰঙৰ প্ৰলেপ দেখিছোঁ
তৰপা তৰপে খহিছে
সেউজীয়া বুকুৰ হাঁহি,
নুশুনো সততে আজি।
সুৱদি সুৰীয়া হাঁহি..
যেন এটি কৰুণ সুৰৰ বাঁহী!
থাকে মাথোঁ হৃদয়ত বাজি।
সময়ৰ তীব্ৰ আহ্বান
হাতে-কামে লগাৰ উচিত ক্ষণ,
পাৰিপাৰ্শ্বিকতাৰ ওপৰত
দিবই লাগিব সকলোৱে ধ্যান,
নহ’লে জীৱকুলৰ নাই পৰিত্ৰাণ।।
(4)
মোৰ এই জীৱন!
সঁহিব নোৱাৰোঁ আৰু
দাসত্বৰ যন্ত্রণা!
আজি,
মই মুক্ত হ’ব বিচাৰো
তোমাৰ পৰা…..
নুমাব খোজোঁ
বুকুৰ
ক’লা জুইৰ বেদনা…
হৃদয় জোলোঙাত
কিমাননো কঢ়িয়াই লৈ ফুৰিম
তোমাৰ,
নিৰাশাৰ যন্ত্রণা।
নাই দিন
নাই ৰাতি
নাই কোনো সময়ৰ ঠিকনা
অবিৰাম
দাউ দাউ কৈ
জ্বলিছে বুকুত
নিঃসঙ্গতাৰ
জুইয়ে পোৰা অজস্র যন্ত্রণা….
(5)
বন্ধ ঘড়ীৰ দৰে
মোৰ বৰ্তমান
সময় গতি কৰিলেও
মই স্হবিৰ হৈ ৰ’লো ৷
পিঞ্জৰাবদ্ধ মোৰ হৃদয়
মুক্ত কৰিবলৈ কিমান পৰ ??
অতীতৰ বুকুত বৰ্তমান নে
বৰ্তমানক এৰি আহিলেই অতীত?
নাজানো , নুবুজো
এই জটিল প্ৰশ্ন
নাপাওঁ যদিও ইয়াৰ উত্তৰ
তথাপি
প্ৰতিটো অতীতৰ আছে
এটা সুকীয়া ইতিহাস ৷
সেয়া হয়তো
বিচ্ছেদৰ তেজেধোৱা অশ্ৰুৰ নীৰৱ গাথা
কিম্বা
বুভুক্ষু দুচকুৰ কৰুণ বেথা !
সময় পাখি লগা কাড়ত উঠিলে
ধূসৰ হয়নে স্মৃতি?
গলেনে দুখৰ পাহাৰ
বৰফ গলি পানী হোৱাৰ দৰে
শেষ হয়নে দুখৰ চকুলো ?
সুখ কি ?
সুখৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাওঁ
সমীক্ষা বিচাৰো বাৰে বাৰে
কোনটো সমীকৰণে
হহুঁৱাব পাৰে জীৱনক !!
(5)
ঋতু ঋতু ধৰি
ছন্দৰ তুলিকাত বৈ যায়
এটি হেৰুওৱা স্পন্দন..
জুয়ে পোৰা অপৰূপ জেউতি
অনাদি কালৰ ।।
পুৱতিৰ দৰে প্ৰতিশ্ৰুতিৰে
সাগৰৰ দৰে গভীৰ হৃদয় উপত্যকাত
সৰিপৰা শেৱালিৰ সুবাসৰ দৰে
বৈ যোৱা হৃদয়ে হৃদয়ে ।।
কৱিতা তোমাৰ
অন্তৰ ভৰিপৰা প্ৰাণৰ বিননি
কোনোবা জোনাক নিশা
পাইনৰ দৰে উচুপে নিৰলে
আকৌ কেতিয়াবা
এপুখুৰী আকাশ নীলাৰ দৰে
বুৰবুৰণিত সমাহিত কৰা ভাৱৰ ;
সৃজনৰ আৱেগত
ধৰণি ৰঙায় হৃদয় উপচায় ।।
(6)
বিগলিত হৃদয়ৰ উচুঁপনি
শুনিছা নে কেতিয়াবা
য’ত মাথো নিৰন্তৰে
দুখৰ অশ্ৰু বয় ।
দিঠকৰ ঠিকনা পাইও
সপোন সাৱটিব লগা হ’লে
অবুজ মনত কিহৰ ধুমুহা বলে নিৰলে
কলিজাৰ চটফটনি কোনেনো বুজিব পাৰে ?
অব্যক্ত মনৰ ভাৱনাই
আজি খুলি খুলি খায়,
সময়ৰ প্ৰতি খোজে
অমাৱস্যাৰ আন্ধাৰহে বিয়পাই ।
তথাপিও ৰৈ আছো নেদেখা দুৰলৈ চাই,
কিজানিবা তুমি যোৱা বাটতেই
ফুলিছে প্ৰেমৰ খৰিকাজাঁই।।
(7)
এই বাটেৰে নাহিবা তুমি,
যি বাটত পাবা এখন হৃদয় পিটনি…
নেমেলিবা হাত সপোন শতদল দেখি ;
জীৱন্তে হ’ব পাৰে তোমাৰ পংকিল সমাধি…
এই বাটেৰে নাহিবা তুমি…
এই বাটেৰে নাহিবা তুমি ;
আশাৰ টোপোলাটি বুকুত বান্ধি…
গৰখীয়া বাঁহীটিৰ সুৰ শুনি,
ৰঙা জীঞা খেদি নাহিবা তুমি…
কেতিয়াবা নিয়ৰেও পোৰে জানা,
লাজুকীলতাজুপিৰ কোমল কলিজাটি…
প্ৰতাৰক সময়ৰ কপট চাৱনিত,
নিজক নেহেৰুৱাবা সখী স্বপ্নবিভোৰ হৈ…
মৰম মাথো এটি গৰুখোজৰ পানী ;
কেতিয়া শুকাই যায় ঠিকনাতো নাই !!!
বুকুৰ তেজেৰেও যে তুলিব নোৱাৰি ভৰাই…
সেয়ে এই বাটেৰে নাহিবা তুমি…
ৰামধেনুৰ ৰহণবোৰ দুচকুত আঁকি…
(8)
আহিলাহেঁতেন যদি …!
এটি নিৰৱ জোনাকৰ
চিকমিক বিজুলী হৈ …!
সানিলাহি হয় যদি ..!
ঘনক’লা ডাৱৰৰ ফাঁকেৰে
এটি উজ্বল জ্যোতিষ্ক হৈ..!
দিলাহি হেঁতেন যদি …
স্খলিত হোৱা মনৰ সুস্থিৰতাক
আলিঙ্গনৰ মিঠা সোৱাদেৰে জীৱন দান …!
ভাৱনাবোৰ ন সাজেৰে
তুষাৰপাতহৈ বৰষিলে হয় …!
হৃদয়ৰ বন্ধ দুৱাৰ এবাৰ
হেঁপাহেৰে খোল খালে হয় …!
(9)
নাজানিছিলো মই কবিৰ ভাষা
নাই মোৰ কাব্যিকতা
নাছিলো কাহানিও ভৱা
লিখিম মই কবিতা
আশীষ তোমাৰেই জানা
তুমি মোক যি দিলা
তাৰেই পালো এক আশা
লিখিব ললো হৃদয়ৰ ভাষা
সৃজন হ’ল এটি কবিতা
তুমিয়ে শিকাই দিলা
শব্দৰ গভীৰতা
আজি নিলিখিলে কিবা এটা
মনত শান্তি নাহে জানা
এইয়া যে আকুলতা
লিখিবলৈ কবিতা
যেনিয়েই চাও
তেনিয়ে দেখা পাও
কবিতা কবিতা
হৃদয়ৰ অনুভৱৰে গোঁঠা
শব্দৰ জোৰা লগা
এডাল যেন মূকুতাৰ মালা
প্ৰেমেই হওক বা
বেদনাৰেই ভাৱনা
সুখৰেই হওক বা
দুখৰ হওক যান্তনা
মোৰ হৃদয়ত ওলাই ভাষা
সৃজন হয় এটি নতুন কবিতা
তুমি মাথো বেয়া নাপাবা
লিখা বাবে এটি কবিতা
তুমিয়েই দিছিলা প্ৰেৰণা
তোমাৰেই পৰা পালো ভাষা
মাথো এবাৰ পঢ়ি চাবা
ভুল হ’লে শুধৰাই ল’বা
(10)
তোমাৰ ঘৰলৈ গৈছিলোঁ
নৈপাৰ ধাননি সুখ-দুখৰ পৃথিৱী
আৰু জোন-বেলি তৰাৰ আকাশৰ কথা
প্রাণভৰি পাতিবলৈ |
ভাৱিছিলোঁ-
তভক লগা চৰাইজাক
দিগন্ত পাৰ হৈ উৰিব |
দেখিলোঁ তোমাৰ পদুলিত ৰঙীন দলিচা
তোমাৰ হেনো কাঁচঘৰৰ বীজানু লাগি হোৱা
অসুখ!
মোৰ দুভৰি সাৱতি আছে
জোৰাজান পাৰৰ ধুলি
আৰু কতযে পথৰুৱা ফুলৰ ৰেণু,
যাওঁ বুলিও যাব নোৱাৰিলোঁ
তোমাৰ পদুলিৰ শেৱালি সৰি ৰোৱা
দুবৰিৰ দলিচা শুকাই মৰহি যোৱা বাবে
জুপুৰিৰ খেৰীচালত বাহ সজা
ঘনচিৰিকাবোৰৰ কথা তুমি পাহৰা বাবে!
ধুলিয়ৰি বাটেৰে উভতি আহি
আমাৰ পদুলিৰ বকুলজোপাৰ তলত
ফুটফুটীয়া ফ্রক পিন্ধা তুমিজনীৰ সতে
হেঁপাহেৰে উমলিলোঁ-
আমাৰ গালে-মূখে এতিয়া
আবেলিৰ চুমা সনা ৰ’দ |
যাগৈ ৰ’দ যা
তোৰ উমেৰে দুৰ কৰি দে
কাঁচঘৰৰ সকলো ৰোগ |
(11)
নিবিচাৰে কেতিয়াও প্ৰতিদান
নিস্বাৰ্থ জীৱনৰ কুহেলিকা
প্ৰজ্ঞান প্ৰাপ্তিয়ে সময়ক কৰে আহ্বান।
পথৰ চিনাকি এদিনীয়া নহয়
জীৱনৰ নিচিন্ত উত্তৰ সুৰী
দিন জোৰা সানিধ্যৰ প্ৰতি শ্ৰুতি।
আত্ম -সচেতন, শ্ৰদ্ধা-ভক্তি
প্ৰাৰ্থনা প্ৰাপ্তিয়েই জীৱনৰ
স্বাচ্ছন্দতাত পূণ্য প্ৰাপ্তি ঘটে।
স্বাধীন চিন্তাৰ প্ৰতিভা বিকাশে
নিৰহংকাৰী জীৱনত
জটিল পথো অতিক্ৰম কৰে।
সাধ্যৰ বাহিৰত প্ৰাপ্য বঞ্চিত হয়।
মনোযোগ, মননশীলতাই কাৰ্য্য ক্ষেত্ৰত
সমাদৰ লাভ কৰে।
নীতি বিৰুদ্ধ কাৰ্য্যত সমস্যা সমাধান নহয়।
সুবিচাৰ, সুনিপুনতা অবিহনে
আত্মাৰ শান্তি নাই।
জীৱনৰ গতি পথ সলনি নহয়।
Final Words
Thank you, We hope you have enjoyed our latest collection of Assamese poems (অসমীয়া কবিতা). If you like it, please appreciate our work by commenting in the comment box below.