Connect with us

Assam

কাৰাগাৰৰ পৰাই অখিল গগৈয়ে লিখিলে বন্দী জীৱনৰ কেইবাটাও ভাল লগা কাহিনী | Akhil Gogoi writes letter

Akhil Gogoi letter

Akhil Gogoi writes letter from the walls of the prison

আজি মোৰ বন্দী জীৱনে ৪৮৮ টা দিন অতিক্ৰম কৰিলে, এবছৰ চাৰিমাহ এদিন। বিজেপি চৰকাৰৰ পাঁচ বছৰীয়া শাসনকালত মই প্ৰায় দুবছৰ জেইলতে কটালো। বিজেপি অহাৰ পাছত মই এটাও বিহু খাবলৈ পোৱা নাই, সেইয়া বহাগ বিহুৱে হওক, মাঘ বিহুৱে হওক। ২০২১ চনৰ বহাগ বিহুটোও ব্যতিক্ৰম নহ’ল। মই বহুদিন আকাশ দেখা নাই, গাত পৰা নাই ৰদ। NIA ৰ গোচৰত বন্দী হৈ নানা ৰোগত ভুগি চিকিৎসালয়ত ভৰ্তি হৈ আছোঁ।

মোৰ এনে দুৰ্দশাগ্ৰস্ত আৰু বেদনাৰে ভৰা দিনবোৰতো কেতিয়াবা কেতিয়াবা ভাল লগা কিছুমান ঘটনা সংঘটিত হয়। সংবেদনশীল মানুহৰ স্পৰ্শ পৰে। তেতিয়াই বৈ যায় সুখৰ চকুলো। আজিও তেনে এটা ঘটনাই ঘটিল।



১৩ এপ্ৰিল, ২০২১ চন। পুৱা দেৰিকৈ আঠমান বজাত শুই উঠিছোঁ। ৰাতি অনেক টেবলেটৰ লগতে টোপনি ধৰা ঔষধ (স্লিপিং টেবলেট) খোৱাৰ বাবে উঠোঁ নুঠুকৈ উঠি হামিয়াই-সিঁকতিয়াই বাতৰি কাকত কেইখনত চকু ফুৰাইছোঁ। এনেতে চিকিৎসালয়ৰ দুৱাৰত টোকৰ পৰিল। দুৱাৰখন খুলি দিলোঁ। এজন পুলিচ কনিষ্টবল হাঁহি হাঁহি মোৰ কোঠালৈ সোমাই আহিল। হাতত এখন ফুলাম গামোচা আৰু এটা টিফিন বক্স। মানুহজনক বহুদিন পাইছোঁ। অতি কৰ্তব্যনিষ্ট, কঠোৰ, শৃংখলাবদ্ধ পুলিচ কনিষ্টবল। কোনোদিন অনুকম্পা নেদেখুৱাই। মই যন্ত্ৰৱৎ থিয় হৈ দিলোঁ। ডিঙিত গামোচাখন পিন্ধাই দিলে, হাতত গুজি দিলে এখন ৰুমাল আৰু টিফিন বক্সটো। কলে – “শ্ৰীমতীয়ে পিঠা দি পঠাইছে। বিহু বুলি। আমিটো সকলোৱে বিহু পাতিম, আপুনিহে দেশৰবাবে সোমাই আছে।” তাৰপাছত এটি আলিংগন। মই ততাতৰিয়াকৈ কোঠাত থকা সামান্য খুৱাবস্তু এটা আগবঢ়াই দি বিদায় দিলোঁ। তাৰপাছৰ পৰা মনটো কিবা বুজাব নোৱাৰা সুখানুভূতিৰে ভৰাই তুলিলে। মাজে মাজে চকুলো বৈ থাকিল।

বন্দী জীৱনত অনেক তিতা মিঠা অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ। আমাৰ বাবে এটা দিন এবছৰৰ নিচিনা। তাতে ৰাজহাড়ৰ শ্লিপডিস্ক হোৱাত আৰু অন্যান্য ৰোগে আৱৰি ধৰাত এক দুৰ্বিসহ জীৱন কটাইছোঁ। পৰিয়ালৰ খবৰো অতিকে চৰা। বিহুটো ওচৰ চাপি অহাত অজান দুখবোধ এটাই হেঁচা মাৰি আছে। তাতে কিছুদিনৰ পূৰ্বে হৈ যোৱা নিৰ্বাচনটোত অতি নিকট সান্নিধ্যৰ মানুহ কিছুমানৰ আচৰণত বিস্ময়-বিমোৰ হৈ আছোঁ। বন্দী অৱস্থাৰ পৰাই বিৰোধী দলবোৰক ঐক্যবদ্ধ কৰি বিজেপিক পৰাভূত কৰাৰ বাবে লোৱা আন্তৰিক প্ৰচেষ্টাবোৰক পৰিকল্পিত আৰু ইচ্ছাকৃতভাৱে বিপথে পৰিচালিত কৰাত অতিকে ক্ষুব্ধ হৈ আছোঁ। কংগ্ৰেছ দলে আমাক এইবাৰৰ নিৰ্বাচনত তিনিবাৰকৈ কৰা চূড়ান্ত বিশ্বাসঘাটকতাৰ কাহিনীবোৰে মনটো গধুৰ কৰি ৰাখিছে। ৰাইজৰ সন্মুখত আমাৰ বিপৰীত প্ৰতিচ্ছবি এটা তুলি ধৰা লেখক-বুদ্ধিজীৱীৰ প্ৰতিটো শব্দ, প্ৰতিটো বাক্য মনলৈ আহি আঘাট দি থাকে।

অসম পুলিচৰ সৈতে মোৰ জীৱনৰ অনেক কাহিনী জড়িত হৈ আছে। তাৰে গৰিষ্টসংখ্যকে মোৰ বিৰুদ্ধে কৰা অন্যায়। কিন্তু অন্য ভাললগা কথা কিছুমানো আছে, তাকে কব খুজিছোঁ।

মোক এখন জেইলৰ পৰা অন্য জেইললৈ নিয়া হৈছে। সকলোবোৰ কা বিৰোধী আন্দোলনৰ গোচৰ। গাড়ীত উঠি দেখিছোঁ মোক নিয়া পুলিচৰ নেতৃত্ব দিছে এজন SI য়ে। অলপদূৰ গৈ আমাৰ কনভয়টো ৰখাই দিয়া হল। দেখিলোঁ এগৰাকী ভদ্ৰ মহিলা আমাৰ গাড়ীখনৰ ওচৰলৈ চাপি আহিল। হাতত এখন গামোচা। SI জনে কলে, “গাড়ীৰ গ্লাছখন খুলক। মই গ্লাছখন খুলি দিলোঁ। মহিলা গৰাকীয়ে মোৰ ডিঙিত গামোচাখন পিন্ধাই দিলে। যিমানদূৰ পাৰে মূৰটো গাড়ীলৈ সুমুৱাই মোক সাৱটি ধৰাৰ চেষ্টা কৰিলে। হাতত গুজি দিলে এটোপোলা তামোল। তাৰপাছত ক্ষন্তেক মুহূৰ্ত SI জনৰ সৈতে কথা পাতিলে। বুজিলোঁ ভদ্ৰ মহিলাগৰাকী SI জনৰ পত্নী। গাড়ী চলিল। মই খিৰিকীখন উঠাই দি দুহাতেৰে নমস্কাৰ জনালোঁ। আপোনা-আপুনি মুখৰপৰা উলাল – বৌ। অলপদূৰ গৈ SI জন উছপিচাবলৈ ধৰিলে। তেওঁক সামান্য উত্তেজিত যেন দেখা গ’ল। ক’লে – চাকৰি গলে যাব। দৰকাৰ হলে মই আপোনাৰ লগত যোগ দিম। মই তেখেতৰ ভয় কমাবলৈ কলো – কিয় চাকৰি যাবহে?

আন এদিনৰ কথা। উজনি অসমৰ এখন জেইলৰ পৰা মোক গুৱাহাটীৰ NIA ৰ আডালতলৈ অনা হৈছে। তেতিয়া অসমত লকডাউন চলি আছে। আবেলিতে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। বিশাল কনভয়। সন্ধিয়া আঠমান বজাত মই এনেয়ে সুধিলোঁ – আমি ৰাতি একমান বজাতে গুৱাহাটী পামগৈ, পিছৰাতিটো ক’ত কটাম? ৰাস্তাত খাবলৈ ৰ’ব নেকি? তত্বাৱধায়ক বিষয়াজনে ক’লে যে ৰোৱাৰ নিৰ্দশ নাই। খোৱাৰ বাবে ভাত পেকেটত দি পঠাইছে। পিছৰাতি ক’ত কটাব সেই সম্পৰ্কে ভবা নাই। তেখেতে আৰক্ষী অধীক্ষকলৈ ফোন মাৰিলে, ফোন নধৰিলে। হেড কোৱাটাৰ DSP লৈ ফোন মাৰিলে। মোৰ গইনা লৈ তেওঁ কলে – পিছৰাতি ক’ত ৰম, মই সুধিছো। DSP য়ে গুৰুত্ব নিদিলে। ASP লৈ ফোন লগালে। ASP য়ে SP ৰ লগত কথা পাতি জনাব বুলি কলে। ক্ষন্তেক পিছত কলে যে গুৱাহাটীৰ কোনোবা এখন থানাত শৌচ প্ৰসাৱ কৰিবলৈ কৈছে। থানাৰ বাৰাণ্ডাত বেঞ্চতে বহিবলৈ দিছে। পুৱা ১০ বজাত কোৰ্ট পাবলৈ দিছে। বিষয়াজনে সেইমতে মোক জনালে। মই গৰগৰাই উঠিলোঁ। এইয়া মানৱ অধিকাৰ ভংগ। এইটো মই মানি নলওঁ। এনেকৈ আলাই আথানি কৰিলে কোৰ্টক মই জনাম বুলি কলো। তত্বাৱধায়কজন ভীষণ সংকটত পৰিল। পুনৰ উৰ্ধতন বিষয়ালৈ ফোন কৰিলে। সাংঘাতিক গালি খালে। ক্ষন্তেক পিছত ভাৰতীয় পুলিচ সেৱাৰ বিষয়া আৰক্ষী অধীক্ষকজনে ফোন কৰি বৈদ্য ধমকি দিলে। ক’লে ঘূৰি আহি পোছাক খুলি দিবাহি। তত্বাৱধায়ক বিষয়াজন কান্দো কান্দো অৱস্থা হ’ল। মোক তেখেতে বহু অনুৰোধ কৰিলে। মই মনে মনে ৰ’লো। অলপ পাচত আমাৰ কনভয়ৰ ভাতৰ টোপোলা খুলিল গাড়ীৰ ভিতৰতে। ভাতৰ লগত ডাইল ইত্যাদি নাই। উপাইবিহীন হৈ আমাৰ কনভয় জখলাবন্ধা থানাত সুমুৱাই দিলে। থানাত দৌৰা দৌৰি লাগিল। সমস্ত পুলিচ আমাক শুশ্ৰূষাত লাগি গ:ল। বিভিন্নজনে ঘৰৰ পৰা ডাইল, তৰকাৰী আদি আনি আমাক খোৱাৰ ব্যৱস্থা কৰিলে। পথত গাড়ী উঠাইয়ে পুনৰ ASP লৈ ফোন কৰিলে। ফোনটোতে তেখেতে কেইবাবাৰো নমস্কাৰ কৰি ফোন লগালে। সিফালৰ পৰা অশ্লীল গালি গালাজ ভাঁহি আহিল। কিন্তু আমাৰ তত্বাৱধায়ক জনেও উলটি ধৰিলে। সাহসী কণ্ঠে ক’লে – মই সঁচা কথাহে কৈছোঁ। তাৰপিছত নিজৰ বিষয়ে কবলৈ ধৰিলে। মই কেনে অফিচাৰ আপুনি জানে। দৰকাৰ হ’লে চাকৰি এৰি দিম ইত্যাদি। ফোনটো থৈ আমাকো কলে – চাকৰি বাদ দিম। উভতি গৈ স্বেচ্ছামূলক অব্যাহতি ল’ম। আমি সৰু মানুহবোৰ মানুহ নহয়। মই মহাসংকটত পৰিলোঁ। মই তেখেতক বুজনি দিলোঁ। তেখেতে মোক কলে – মই আপোনাক থানাৰ লকআপত শৌচ প্ৰসাৱ কৰাব নোৱাৰো। লকআপত ক’ত গা ধুব? আপুনিটো চুৰ-ডকাইত নহয়। যি হব হব, চাকৰি গলেও হোটেল এখনলৈ লৈ যাম। মই নালাগে নালাগে বুলি তোষামোদ কৰিবলগীয়া হ’ল। মানুহজনৰ চাকৰিটো যোৱাৰ ভয়ে মোক খেদিলে। কিন্তু ৰাতি এঘাৰমান বজাৰ পিছত ঘনে ঘনে ফোন আহিল SP, ASP ৰ পৰা। খবৰ দিলে আমাৰ বাবে বেটেলিয়ানৰ গেষ্ট হাউচ এটা ঠিক কৰা হৈছে। বিষয়াজন মহা ফুৰ্তিত জঁপিয়াই উঠিল।

পুলিচৰ সৈতে অনেক কাহিনী মোৰ গৈছে। কেতিয়াবা আন্দোলনত লাঠীচালনা হৈছে। কিন্তু কোনোবা এজন কনিষ্টবলে কোনোবাদিনা মোক ডাংকোলা কৰি পুলিচৰ কোবৰ পৰা বছাইছে। কথাখিনি শেষ কৰোঁ মোৰ প্ৰাক্তন PSO কেইজনৰ কথাৰে। এবাৰ দিছ্পুৰত প্ৰচণ্ড লাঠীচালনা হ’ল, মোক শতাধিক পুলিচ-চি আৰ পি এফে ঘেৰি ধৰি চোঁচৰাই থানালৈ নিব খুজিলে। মোৰ PSO কেইজন ব্ৰক্ষ্ম দা, ৰাভা দা, শইকীয়া দাই উভতি ধৰিলে। “ছাৰক টাছ নকৰিবি, গুলিয়াই দিম।” মই তেওঁলোকক ওলোটাই হাতযোৰ কৰিবলগীয়া অবস্থা। অৱশেষত আটাইকেইজনকে নিলম্বন বা শাস্তিমূলক বদলি কৰিলে।



জীৱনত পুলিচৰ পৰাও অনেক মৰম-চেনেহ পাইছোঁ, পাইছোঁ সন্মানো। মাৰ যিমান খাইছোঁ, গোচৰ যিমান জাপি দিছে, তেনেদৰে সাধাৰণ পুলিচৰ পৰা শ্ৰদ্ধাও পাইছোঁ। বিদায়ৰ পৰত প্ৰাক্তন DGP জয়ন্ত নাৰায়ণ চৌধুৰী ডাঙৰীয়াই কৈছিল – অসমত আপোনাৰ ভৱিষ্যত আটাইতকৈ ভাল।

সৰ্বশেষত অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। শুভেচ্ছা জনালোঁ ৰমজান মাহলৈও।

I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.

Click to comment

Leave a Reply

Trending

close

Copyright © Assam News Live

%d bloggers like this: